ঘিলামৰা-ঢকুৱাখনাত মুখ্যমন্ত্ৰীঃ ৩৬ সহস্ৰাধিক মহিলাক উদ্যমীতা পুঁজি প্ৰদান

মুখ্য অতিথি হিচাবে উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী শৰ্মাই মহিলা উদ্যমীতা আঁচনিৰ জৰিয়তে ঢকুৱাখনা ঘিলামৰাৰ ৩৬ সহস্ৰাধিক উদ্যমী মহিলা উপকৃত হব বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ   সবল মহিলাৰ জৰিয়তে সবল সমাজ গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা আঁচনিৰে ঘিলামৰা আৰু  ঢকুৱাখনা  উন্নয়ন খণ্ডৰ   মুঠ  ৩৫ সহস্ৰাধিক অৰ্হতা সম্পন্ন আত্মসহায়ক গোটৰ মহিলাক বুধবাৰে বীজ মূলধন প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘিলামৰা ব্লক খেল পথাৰত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় পুঁজি বিতৰণ অনুষ্ঠান ।

ধেমাজিৰ পৰা দুপৰীয়া প্ৰায় ২ বজাত ঘিলামৰাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱা , ঢকুৱাখনা সমষ্টিৰ বিধায়ক নব দলে, মাজুলীৰ বিধায়ক ভুৱন গাম ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছানিয়া বৰগোঁহাই আদিৰে উপৰিও কেইবা সহস্ৰাধিক ৰাইজৰ লগতে উদ্যমী মহিলা আত্মসহায়ক গোটৰ  মহিলা উপস্থিত থাকে এই অনুষ্ঠানত ।

মুখ্য অতিথি হিচাবে উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী শৰ্মাই মহিলা উদ্যমীতা আঁচনিৰ জৰিয়তে ঢকুৱাখনা ঘিলামৰাৰ ৩৬ সহস্ৰাধিক উদ্যমী মহিলা উপকৃত হব বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা সকলক উদ্দেশ্যি কয় আজি ১০ হাজাৰ টকাৰ আঁচনি পায়ে শেষ নহয় এয়া আৰম্ভনীহে।

তেওঁ লগতে লাখপতি বাইদেউ কৰাৰ পৰৱৰ্তী সময়ৰ ঢকুৱাখনাৰ মহিলা সকলৰ বাবে ২০০০ হাজাৰ আৰু অৰুনোদই দিয়াৰ কথা ঘোষণা কৰে। তাৰোপৰি  অহা ১ ফেব্ৰুৱাৰীৰ দৰিদ্ৰ পৰিয়ালৰ বাবে  লৰাৰ পঢ়াৰ খৰছ চৰকাৰে দিব বুলি কৈ ঢকুৱাখনাৰ ৩০ হাজাৰ ব্যক্তিয়ে অৰুনোদই, ৪ হাজাৰ ছাত্রীয়ে নিযুত মইনা ,
৫০ হাজাৰ পৰিয়াল বিনামূলীয়া চাউল ডালি পাইছে বুলি কয় ।

মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত  ৰাইজে ধুতি লুঙী কম্বল পাইছিল। দুখীয়াই চৰকাৰী চাকৰিৰ উছৰেই নাচাপিলে। কিন্তু আজি বিজেপিয়ে বিনা পইছাত চাকৰি  দিয়াৰ বাবে ডেৰ লাখে চাকৰি পালে বুলি কয়। পূৰ্বৰ তুলনাত ঢকুৱাখনাত আজিৰ ঢকুৱাখনাত বানপানী নোহোৱা হ'ল।

ডিব্ৰুগড়লৈ চমু পথেৰে  যাব পৰা হল। কেৱল সেয়ে নহয় ঢকুৱাখনাত এখন জিলা পৰ্য্যায়ৰ চিকিৎসালয় হব। বগীবিল -মতমৰা সংযোগী মথাউৰী ৰাজ্যিক ঘাইপথলৈ উন্নীত হব।মুখ্যমন্ত্ৰী গৰাকীয়ে ঘিলামৰাত এই কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ঢকুৱাখনাৰ মাতমৰাত উপস্থিত হয়।

মাতমৰা ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত বিশাল সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মাতমৰাৰ ব্ৰহ্মপুত্ৰৰ  ৮ কিলোমিটাৰ গড়া খহনীয়া প্ৰতিৰোধ প্ৰকল্প, ফাটবিহু উন্নয়ন  প্ৰকল্পৰ লগতে ঢকুৱাখনা ২০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে । সভাতেই বগীবিল - মাজুলী সংযোগী মথাউৰী পথ ৰাজ্যিক ঘাইপথলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী ঐতিহাসিক  হাৰ্হি দেৱালয়ত পূজা অৰ্চনা আগবঢ়াই ।

ঢকুৱাখনা