ৰাছিয়াৰ হৈ যুদ্ধ কৰিছে চীন- পাকিস্তানৰ ভেৰণীয়া সৈনিকে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰুছ সৈনিকৰ লগত মিলি ইউক্ৰেইনৰ সেনা বাহিনীৰ বিৰুদ্ধে যুঁজত নামিছে পাকিস্তান, চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ ভেৰণীয়া সৈনিকে

author-image
Asomiya Pratidin
New Update
29

ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰুছ সৈনিকৰ লগত মিলি ইউক্ৰেইনৰ সেনা বাহিনীৰ বিৰুদ্ধে যুঁজত নামিছে পাকিস্তান, চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ ভেৰণীয়া সৈনিকে। শেহতীয়াকৈ এই দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে।

ইয়াৰ পূৰ্বে ৰাছিয়াৰ হৈ উত্তৰ কোৰিয়াৰ সৈনিকেও ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি জেলেনস্কিয়ে দাবী কৰিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শেহতীয়াকৈ পুনৰ আক্ৰমণ- প্ৰত্যাক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজত এক্স হেণ্ডেলত জেলেনস্কিয়ে দাবী কৰে যে, চীন আৰু পাকিস্তানৰ উপৰি উজবেকিস্তান, তাজিকিস্তান আৰু কেইবাখনো আফ্ৰিকীয় দেশৰ ভেৰণীয়া সৈনিকে ৰাছিয়াৰ সেনা বাহিনীৰ অংশ হিচাপে যুদ্ধ কৰি আছে। 

আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ আক্ৰমণক প্ৰতিহত কৰাত সফল হোৱাৰ বাবে দেশখনৰ সেনা বাহিনীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাছিয়া-ইউক্ৰেইন ৰাছিয়া