শিলচৰত উপস্থিত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান

১৪ মাৰ্চত শিলচৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। 

author-image
Asomiya Pratidin
New Update
SAVGAGAGA

ডিজিটেল সংবাদ, শিলচৰ: ১৪ মাৰ্চত শিলচৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২২ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা বহু প্ৰত্যাশিত পাঁচগ্ৰাম-বৰাপানী হাইস্পিড হাইৱে পথৰ আধাৰশিলা স্থাপন কৰিবলৈ শিলচৰলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। 

শিলচৰৰ ৰামনগৰ বাইপাছৰ অম্বিকাপুৰত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰীৰ এই সভাস্হলী বুধবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে। দুই শীৰ্ষ বিষয়াৰ সৈতে দুই মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল, বিধায়ক দিপায়ন চক্ৰৱৰ্তী সহ কাছাৰৰ জিলা আয়ুক্ত আয়ুশ গাৰ্গ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়া সকলেও প্ৰধানমন্ত্ৰীৰ সভাস্থলীত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক সংগ দিয়ে। 

প্ৰধানমন্ত্ৰীৰ এই সভা সফল কৰিবলৈ সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে চৰকাৰে। সভাস্থলী পৰিদৰ্শন কৰাৰ পাছত কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্য সচিব ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে।

এই বৈঠকত সেনা, বিএছএফ, বায়ুসেনাসহ বিভিন্ন বিভাগৰ বিষয়াৰসকলৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী সহ জিলাৰ প্ৰশাসনিক বিষয়া আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়া সকলো উপস্থিত থাকে। ১৪ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে পাচগ্ৰাম- বৰাপানী হাইস্পিড হাইৱেৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৬৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া শিলচৰ ফ্লাই অভাৰ আৰু পাথাৰকান্দিত‌ স্থাপন হ'ব লগা প্ৰথমখন কৃষি মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ সভাত প্ৰায় দুই লাখ মানুহ সমবেত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে। 

ইফালে, প্ৰধানমন্ত্ৰীৰ সভাৰ নিৰাপত্তা, হেলিপেড আদি বিষয় চৰজমিনে চোৱাৰ বাবে ৰাজ্যৰ দুই শীৰ্ষ বিষয়া বুধবাৰে শিলচৰলৈ অহা বুলি সাংবাদিকৰ আগত সদৰী কৰে মুখ্য সচিব ৰবি কোটাই। সভালৈ অহা কোনো লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, অথবা খোৱাপানী, ট্ৰেফিক সমস্যা আদি দিশো পৰ্যালোচনা কৰা হয় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী