আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

প্ৰায় ৫৩ কোটি টকা ব্যয়ৰে নিৰ্মিত এই চৌহদত আছে এটা প্ৰশাসনিক ভৱন, আধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটাকৈ শৈক্ষিক ভৱন, এটি কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে শৈক্ষিক-অনাশৈক্ষিক বিষয়াৰ বাবে আৱাসিক ভৱন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  অসমৰ শৈক্ষিক মানচিত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰি আজি বজালীৰ ঐতিহাসিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অত্যাধুনিক নতুন চৌহদ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পাঠশালাৰ মেধিকুছি গাঁৱত প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চৌহদটোৱে অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰায় ৫৩ কোটি টকা ব্যয়ৰে নিৰ্মিত এই চৌহদত আছে এটা প্ৰশাসনিক ভৱন, আধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটাকৈ শৈক্ষিক ভৱন, এটি কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে শৈক্ষিক-অনাশৈক্ষিক বিষয়াৰ বাবে আৱাসিক ভৱন।

১৯৫৫ চনত স্থাপিত ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ক সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 'ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক ২০১৭'ৰ অধীনত পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল। অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ (ভট্টদেৱ) নামেৰে নামাকৰণ কৰা এই শিক্ষানুষ্ঠানখনৰ কাম-কাজ ইমানদিনে মহাবিদ্যালয় চৌহদৰ পৰাই চলি আছিল।

উল্লেখযোগ্য যে, ২০১৯ চনত ইয়াৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তি দিয়া হৈছিল। আজিৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকিব।

ড০ হিমন্ত বিশ্ব শৰ্মা