/asomiyapratidin/media/media_files/2025/11/15/1-2025-11-15-22-38-01.jpg)
ডিজিটেল ডেস্কঃ আজি লণ্ডনত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী।
লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু ২০২৭চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই আলোচনা অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাবে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব ।
ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে প্রকাশ কৰিছে। আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এই সন্দর্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হ'ব বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে।
উল্লেখ্য যে, বস্ত্ৰভাগ ৰখাৰ বাবে দুবছৰৰ ভিতৰত অসমত মিউজিয়াম নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে’ ।মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ আছে লণ্ডন মিউজিয়ামত। পেৰিছ মিউজিয়ামতো আছে বৃন্দাবনী বস্ত্ৰৰ আন কিছু অংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us