/asomiyapratidin/media/media_files/2025/11/03/114-2025-11-03-18-01-00.jpg)
ডিজিটেল সংবাদ,গহপুৰ : গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম চাহ নিগমৰ ভোলাগুৰি চাহ বাগিচাৰ পৰিত্যক্ত ভূমিত ৭৩৮ বিঘা মাটিকালি আগুৰি স্থাপন হ'বলগীয়া কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ সোমবাৰে প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই উপলক্ষে আজি বিয়লি প্ৰায় ২ বজাত বিশ্ববিদ্যালয় স্থাপন হ'বলগীয়া ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অহা ৮ নবেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।ইয়াৰ বাবে বিশ্বনাথ জিলা প্ৰশাসন,গহপুৰ সমজিলা প্ৰশাসনৰ লগতে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ নেতৃত্বত আধাৰশিলা অনুষ্ঠান কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।
উক্ত আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰা প্ৰতিশ্ৰুতি অনুসৰি অহা ৮ নবেম্বৰত সেই প্ৰতিশ্ৰুতি কাৰ্য্যকৰী হ'বলৈ গৈ আছে। উক্ত প্ৰতিশ্ৰুতিত হিমন্ত বিশ্ব শৰ্মাই গহপুৰত বীৰাংগনা কনকলতা বৰুৱাৰ নামত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/03/whatsapp-imag-2025-11-03-18-01-21.jpeg)
এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৮ নবেম্বৰৰ দিনটো গহপুৰ বাসী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন হ'ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ কৰকমলেৰে আধাৰশিলা স্থাপনৰ দিহা কৰা উক্ত কাৰ্য্যসূচী সফল কৰি তুলিবলৈ তেওঁ গহপুৰ বাসী ৰাইজক আহ্বান জনায় কয় যে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন প্ৰযুক্তিগত পাঠ্যক্ৰমৰ এখন আধুনিক বিশ্ববিদ্যালয় হ'ব।
এইখন বিশ্ববিদ্যালয়ৰ লগত বিদেশৰ বিশ্ববিদ্যালয়ৰ একাডেমিক পাৰ্টনাৰছিপ স্থাপন কৰিবৰ বাবে অসম চৰকাৰে বিভিন্ন কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন ভাৰতৰ ভিতৰতে যাতে এখন নামজলা বিশ্ববিদ্যালয় হয় তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ইপিনে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/03/whatsapp-i-2025-11-03-18-01-35.jpeg)
দীপক শৰ্মাৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চেন্নাইৰ পৰা তেওঁৰ নশ্বৰদেহ অসমলৈ অনাৰ ব্যৱস্থা কৰিব চৰকাৰে। তদুপৰি ৰাজ্যিক মৰ্য্যদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব তেওঁক।দীপক শৰ্মাৰ দৰে ইমান ভাল বাঁহী বজাব পৰা শিল্পী তেনেই তাকৰ বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
আজি ভোলাগুৰিলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰৰ বিধায়ক উৎপল বৰা,বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাস,গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিং আৰু হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us