/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/2a6046a6-1687-4885-9eaa-84e4bbbaf1e8.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৰাজ্যত অস্বাভাৱিক হাৰত দিনক দিনে নিবনুৱা সমস্যা বৃদ্ধি পোৱাটো নতুন কথা নহয় ৷ক্ৰমবৰ্ধমান হাৰত দ্ৰুত গতিত নিবনুৱা সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বহিৰাগত মো'বাইল নেটৱৰ্ক এয়াৰটেল কোম্পানীৰ অধীনৰ বহুজাতিক কোম্পানীৰ দ্বাৰা প্ৰবঞ্চনাৰ বলি হোৱাৰ দিশে গতি কৰিছে ৰাজ্যৰ প্ৰায় ছয়শ থলুৱা শিক্ষিত নিবনুৱা যুৱক ৷ অনিশ্চয়তাৰ দিশে গতি কৰা জীৱন সংগ্ৰামত যেন দিশহাৰা হৈ জীৱনলৈ কাল অমানিশা নামি আহিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি বহুল প্ৰচাৰিত সকলোৰে পৰিচিত মোবাইল নেটৱৰ্ক এয়াৰটেল কোম্পানীৰ অন্তৰ্গত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত টাৱাৰসমুহৰ চোৱাচিতা কৰাৰ দায়িত্বত প্ৰায় ছয়শ থলুৱা নিবনুৱা যুৱক জড়িত হৈ আছে ৷ উল্লেখ্য যে এয়াৰটেল কোম্পানীৰ অধিনত ইনডাচ নামৰ এটা বহুজাতিক কোম্পানীয়ে টাৱাৰৰ চোৱাচিতা কৰাৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলক পৰোক্ষভাৱে জি ফৰ এছ ফেচিলিটি ছাৰ্ভিচেছ।
প্ৰাইভেট ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীৰ জৰিয়তে দা-দৰমহা প্ৰদান কৰে ৷ বিগত ২০০৪ চনৰ পৰা নিয়োগ হৈ থকা টাৱাৰৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্মচাৰীসকলক ইনডাচ কোম্পানীয়ে কৌশলেৰে জি ফৰ এছ কোম্পানীটোৰ জৰিয়তে অতি নিম্ন মানৰ দৰমহাৰে পৰিচালিত কৰি অহাৰ লগতে সময়ে সময়ে উক্ত কোম্পানীটোৱে বিভিন্ন অজুহাত তথা অভিযোগ আনি কৰ্মচাৰী সকলক অব্যাহতি দি আহিছে ৷
এই সন্দৰ্ভত সদৌ অসম মোবাইল কেয়াৰ টেকাৰ সন্হাই বিভিন্ন সময়ত টাৱাৰৰ কেয়াৰটেকাৰ সকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব , কৰ্তব্য পালন কৰি অহাৰ পাচতো মনে সজা কথাৰে অব্যাহতি দিয়াৰ ক্ষেত্ৰত পূৰ্বতে মোবাইল নেটৱৰ্ক অচলাৱস্থা কৰি দিছিল। পৰৱৰ্তী সময়ত কোম্পানীৰ শীৰ্ষ বিষয় ববীয়াৰ সৈতে আলোচনাত মিলিত হৈ কেয়াৰটেকাৰ সকলৰ চাকৰি সুৰক্ষিতৰ সন্দৰ্ভত মৌখিক ভাৱে আশ্বাস আদায় কৰিছিল।
কিন্ত সময় বাগৰাৰ লগে লগে পূৰ্বৰ আশ্বাস পাহৰি বহুজাতিক ইনডাচ কোম্পানীয়ে কোনো কাৰণ নেদেখুৱাকৈ জি ফৰ এছ কোম্পানীৰ জৰিয়তে কেয়াৰ টেকাৰসকলক কৰ্মৰ পৰা অব্যাহতি দিয়াৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ মোবাইল টাৱাৰত কৰ্মৰত কেয়াৰটেকাৰ সকলক বহিৰাজ্যলৈ বাধ্যতামূলক বদলিকৰণৰ বাবে পত্ৰ প্ৰেৰণ কৰাত সদৌ অসম মোবাইল কেয়াৰটেকাৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ফলত বৰ্তমান কৰ্মৰত কেয়াৰ টেকাৰ সকলৰ জীৱনলৈ কাম অন্ধকাৰ নামি অহাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে ৷
সেইহে সদৌ অসম মোবাইল কেয়াৰ টেকাৰ সন্থাই এয়াৰটেলৰ লগতে ইনডাচ কোম্পানীটোৰ উচ্চ পদস্হ বিষয়াক কিহৰ বাবে বৰ্তমান কৰ্মৰত থলুৱা নিবনুৱা যুৱকসকলক কৰ্মৰ পৰা অব্যাহতি দিয়াৰ গুণাগথা কৰিছে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেখেতসকলৰ চাকৰী সুৰক্ষিত কৰিবলৈ দাবী জনাইছে ৷অন্যথা সমগ্ৰ ৰাজ্যত থকা বহুল সমাদৃত এয়াৰটেল নেটৱৰ্ক বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ৷