/asomiyapratidin/media/media_files/2026/01/31/uoopl-2026-01-31-20-03-06.jpg)
ডিজিটেল সংবাদ, মুছলপুৰঃ একলা চলো নীতিৰে সামৰণি পৰিল বড়োভূমিৰ ইউপিপিএল দলৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশনৰ। বাক্সা জিলাৰ সদৰ মুছলপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ৰাজনৈতিক দলটোৰ অধিবেশন ।
শনিবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে। সভাৰ শেষত প্ৰমোদ বড়োৱে জানিব দিয়া মতে সমাগত বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে নিজাববীয়াকৈ বিটিআৰৰ ১৫টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।
তেওঁ কয় যে- ইতিমধ্যে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ নেতৃত্বত গঠন কৰা হৈছে এখন পাঁচজনীয়া নীতি নিৰ্ধাৰণ সমিতি। প্ৰমোদ বড়োৱে মুছলপুৰ অধিবেশনত চাৰিটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব দিয়ে সংবাদ মাধ্যমক।
শেহতীয়াভাৱে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন কৰা বিষয়টোক লৈও ৰাজনৈতিক দলটোৱে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিটিআৰত শান্তি, সম্প্ৰীতি ৰক্ষা কৰাৰ স্বাৰ্থত ইউপিপিএল দলে অনাগত দিনবোৰতো কাম কৰি যাব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us