/asomiyapratidin/media/media_files/2025/11/05/1-2025-11-05-22-04-49.jpg)
ডিজিটেল ডেস্কঃ দেশত কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ উদ্দেশ্যে ইলেকট্র'নিকছ আৰু তথ্য-প্রযুক্তি মন্ত্র্যালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নির্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সর্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্রণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সর্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে।
কেন্দ্রীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত আজি নতুন দিল্লীত এই নীতি-নির্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুডে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল উদ্দেশ্য।
তেওঁ কয় যে, ভাৰতে উদ্ভাৱনৰ বাবে ছেণ্ট বক্স অর্থাৎ উপ-প্রণালী গঢ়ি তোলাৰ বাবে আৰু সুগম তথা অনুকূল প্ৰণালীৰ ভিতৰত বিপদ শংকা প্রশমনৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে। ভাৰত কৃত্রিম বুদ্ধিমত্তা মিছনে এই তন্ত্র অধিক সমর্থবান কৰি তুলিব আৰু আন ভালেমান ৰাষ্ট্ৰক অনুপ্রাণিত কৰিব।
লক্ষ্যণীয় যে, আই আই টি মাদ্ৰাজৰ অধ্যাপক বি ৰবিন্দ্ৰনৰ নেতৃত্বত গঠিত পেনেলে এ আই শাসনৰ বাবে সাতটা মূল নীতিৰ পৰামৰ্শ আগবঢ়াযই, মূলতঃ বিশ্বাস, ন্যায়পৰায়ণতা, জবাবদিহিতা, ব্যাখ্যাযোগ্যতা, মধ্যমতাৰ ওপৰত উদ্ভাৱন, সমতা আৰু বহনক্ষমতা।
উল্লেখযোগ্য যে, এআই গভৰ্নেন্স কমিটীয়ে কয় যে, কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ পৰা উদ্ভৱ হোৱা বহু বিপদ বৰ্তমানৰ আইনসমূহৰ অধীনত ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পৰা যাব, লগতে ভৱিষ্যতৰ তদাৰকী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে "টেকন'-লিগেল" পদ্ধতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us