/asomiyapratidin/media/media_files/2025/12/06/1-2025-12-06-12-39-00.jpg)
ডিজিটেল ডেস্কঃ ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপর্যয়ক লৈ তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। তদন্তৰ বাবে এখন ৪ জনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপর্যয়ৰ কাৰণ আৰু গাফিলতি সন্দর্ভত অনুসন্ধান কৰি প্রতিবেদন দাখিল কৰিবলৈ সমিতিখনক নির্দেশ দিয়া হৈছে।
সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কর্তৃপক্ষৰ অৱহেলা সন্দর্ভতো তদন্ত কৰিব। ইপিনে, অসামৰিক বিমান পৰিবহণ মন্ত্রী ৰামমোহন নাইডুৱে ইণ্ডিগ'ৰ বিমান সেৱা আজি সামান্য উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি প্রকাশ কৰিছে।
কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমানবন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি নিয়ন্ত্রণ কৰা আৰু এই ক্ষেত্রত সকলো অংশীদাৰৰ সৈতে সক্রিয়ভাবে যোগাযোগ ৰক্ষা কৰা হৈছে।
নতুন দিল্লীত সাংবাদিকৰ আগত শ্রীনাইডুবে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে সকলো বিমানবন্দৰ আৰু বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি শিশু, মাতৃ, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us