/asomiyapratidin/media/media_files/2025/12/29/549-2025-12-29-23-07-57.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱত সোমবাৰে আৰম্ভ হ'ল পৃথিৱীৰ কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান। নৱকান্ত বৰুৱা কেইবাটাও প্ৰজন্মৰ কবিসকলৰ অভিভাৱকস্বৰূপ। নৱকান্ত বৰুৱা ছাৰৰ পৰা কোনোবাই কেতিয়াবা যদি গালি খাইছে সেয়াও আছিল তেওঁৰ বাবে পৰম প্ৰাপ্তি।
মোৰ ছাত্ৰ বন্ধু কুমাৰ বিভূতিয়ে সম্পাদনা কৰা গ্ৰন্থখনৰ জৰিয়তে পৰিস্ফুট হৈছে নতুন প্ৰজন্মৰ এগৰাকী কবিৰ অগ্ৰজ কবি এগৰাকীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা। তিনিটা ভাগত বিভক্ত গ্ৰন্থখনত প্ৰতিফলিত হৈছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ব্যাপ্ত পৃথিৱীখ্যাত কবি নৱকান্ত বৰুৱাৰ জীৱন আৰু কৰ্মৰ খতিয়ান। মোক যদি আজি বাহিৰত কবি বুলি চিনি পাইছে তাৰ মূলতে আছিল নৱকান্ত বৰুৱাছাৰ। ছাৰৰ সান্নিধ্য আমাৰ বাবে এক আশীৰ্বাদ- এই মন্তব্য বিশিষ্ট কবি জীৱন নৰহৰ।
নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ উপলক্ষে কবি কুমাৰ বিভূতিৰ সম্পাদনাত প্ৰকাশ পোৱা বোধিপৰ্ণৰ ছায়াত নৱকান্ত বৰুৱা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি কবি নৰহে লগতে কয় যে এই গ্ৰন্থখনেই নৱকান্ত বৰুৱাৰ শতবৰ্ষীয় উপলক্ষে প্ৰকাশ পোৱা প্ৰথম গ্ৰন্থ। গ্ৰন্থখনে নতুন প্ৰজন্মৰ বাবে এক নতুন বাট মুকলি কৰিব।
অকণিৰ সাহিত্য সভাৰ উদ্যোগত আয়োজিত নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰাৰম্ভতে শিল্পী আৰাধনা বৰাৰ দ্বাৰা পৰিবেশিত আৰু পাৰ্থ হাজৰিকাৰ দ্বাৰা বাদ্যযন্ত্ৰ সংগতেৰে বৰগীত পৰিৱেশন কৰাৰ পাছতে অকণিৰ সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক কবিন পাটৰে আদৰণি ভাষণ আগবঢ়ায়। নবীন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অভ্যাগত সকলক ফুলাম আৰু হৰিতকী পাতেৰে আদৰণী জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-23-08-10.jpeg)
কবি নৱকান্ত বৰুৱাৰ জন্ম দিনটো কবিতাৰ দিন হিচাপে বিগত ৩৫ বছৰে নগাঁৱত উদযাপিত হৈ আহিছে। ইয়াৰ লগত সংগতি ৰাখি আজি কবিতা পাঠৰ অনুষ্ঠানত সাধনা দাস কলিতা, নাৰায়ণ কলিতা, স্বপ্না দে, ড৹ অঞ্জনা গোস্বামী, সৌৰেন্দ্ৰ মোহন গোস্বামী, চঞ্চল দেৱনাথ, তাৰিক আনুৱাৰ, শোণিত বৰঠাকুৰ, বিজয়া গগৈ, প্রীতি চৌধুৰী, ঋষভ হাজৰিকা, অনিমা কলিতা, চন্দ্ৰ কান্ত শইকীয়া, ৰিণী নেওগ বৰা, নাজৰীণ চুলতানা, ৰুমু বেগম, নাশিতাহ ৰাইহানা মালিক, লিখিমী মহন্ত, জ্যোতিৰ্ময়ী বৰুৱা, হেমেন্দ্ৰ শৰ্মা, গোলাপ বৰা, কিছন সিংহ, মেঘস্মাতা শইকীয়া, জিমি দেৱী, অনামিকা ডেকা, সঞ্জীৱ সাগৰ চৌধুৰীকে ধৰি প্ৰায় আঢ়ৈকুৰি নবীন প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।
মহাকাব্যৰ প্ৰথম পাত শীৰ্ষক কাব্যগ্ৰন্থৰে এক সুকীয়া পৰিচয় গঢ়ি তোলা বিশিষ্ট কবি বিপুল জ্যোতি শইকীয়াই নৱকান্ত বৰুৱাৰ প্ৰভাৱ আৰু সম্পৰ্কৰ কথা দোহাৰি কাব্য জগতখনত কেনেকৈ খুপি খুপি আগবাঢ়ি আজিৰ পৰ্যায়ত উপনীত হৈছে তাৰ ব্যাখ্যা আগবঢ়ায়। সমান্তৰালকৈ নৱকান্ত বৰুৱাৰ জ্যেষ্ঠা কন্যা উপলা আইনু বৰুৱাই পিতৃৰ শতবৰ্ষৰ উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে। নগাৱঁৰ সমাজজীৱনৰ লগত দেউতাকৰ সম্পৰ্কক খুব ওচৰৰ পৰা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা বৰুৱাই বিভূতিয়ে সম্পাদনা কৰা গ্ৰন্থখনৰ শলাগ লয়।
অনুষ্ঠানত বিশিষ্ট কবি ডা° প্ৰয়াগ শইকীয়া, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, মোহিনী মোহন ডেকা, বিশিষ্ট কবি জনাৰ্দন গোস্বামী, দীপ জ্যোতি বৰা, হৰিদেৱ মহন্তকে প্ৰমুখ্য কৰি নৱকান্ত বৰুৱাৰ অনেক গুণমুগ্ধই সান্নিধ্য আৰু স্মৃতি ৰোমন্থন কৰে। কাৰুণ্য ভট্টাচাৰ্য, মনোৰমা ভূঞা, ৰিন্টু দাস, বিজয়া গগৈ আৰু ৰুমু বেগমক এই অনুষ্ঠানতে শিশু শিক্ষা সাহিত্য বঁটা আগবঢ়োৱা হয়।
মুকুতা ৰাজাই গীত পৰিবেশন কৰা এই অনুষ্ঠানতে চন্দ্ৰ শইকীয়াৰ কেচা মাটিৰ সুগন্ধ শীৰ্ষক এখন অনুগল্পৰ কিতাপ উন্মোচন কৰা হয়। লখিমী, মহন্ত, বিদ্যা শইকীয়া হাজৰিকা, ছায়ন হাজৰিকা, ধন কুমাৰ বৰা, দ্বিজেন্দ্ৰ নাথ হাজৰিকা,কৃষ্ণদুলালবৰুৱা, দেৱেন শইকীয়া, গোলাপ বৰাকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক ব্যক্তিৰ উপস্থিতিয়ে জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটো জীপাল কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us