/asomiyapratidin/media/media_files/2025/08/31/223-2025-08-31-19-29-56.jpg)
ডিজিটেল ডেস্ক : ”ৰাজ্যৰ চৌদিশে মাটি কিনাটো মুখ্যমন্ত্ৰীৰ কাম নহয়” - এই মন্তব্য বিশিষ্ট সমাজবাদী, ৰাজনৈতিক বিশ্লেষক তথা লেখক যোগেন্দ্ৰ যাদৱৰ। দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/dfh-2025-08-31-19-30-36.jpeg)
উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি ‘সমাজবাদী আন্দোলন আৰু আজিৰ ভাৰতবৰ্ষত সমাজবাদৰ প্ৰাসংগিকতা‘ শীৰ্ষক বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি যোগেন্দ্ৰ যাদৱে তত্বগধুৰ বক্তৃতা প্ৰদান কৰে। তেওঁ ভাৰতবৰ্ষৰ সমাজবাদৰ ইতিহাস আৰু আজিৰ দিনতো যে এই মতাদৰ্শৰ প্ৰাসংগিকতা আছে তাক বহলাই ব্যাখ্যা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsapp-2025-08-31-19-31-10.jpeg)
লগতে তেওঁ গোলাপ বৰবৰাৰ মূল্যবোধৰ ৰাজনীতিৰ সম্পৰ্কতো আলোকপাত কৰে। তাৰোপৰি ৰাম মোহন লোহিয়াৰ সন্দৰ্ভতো কিছু বক্তব্য প্ৰদান কৰে নিৰ্দিষ্ট বক্তাগৰাকীয়ে।
উল্লেখযোগ্য যে, দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গোলাপ বৰবৰা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত গোলাপ বৰবৰাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । বিয়লি ৩-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি বৰবৰাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত অভ্যাগতসকলক আদৰণী জনাই সমিতিৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsapp-2025-08-31-19-31-29.jpeg)
উদযাপন সমিতিৰ সভাপতি তথা পদ্মশ্ৰী বঁটাপ্ৰাপক অজয় দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নতুন দিল্লীৰ ড০ ৰাম মোহন লোহিয়া ৰিচাৰ্জ ফাউণ্ডেচনৰ অধ্যক্ষ ড০ অভিষেক ৰঞ্জন সিঙ উপস্থিত থাকি গোলাপ বৰবৰা আৰু ৰাম মোহন লোহিয়াৰ সম্পৰ্কৰ আলোকপাত কৰে। লগতে তেওঁ সমাজবাদৰ ধাৰণা ব্যাখ্যা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsapp-im-2025-08-31-19-32-33.jpeg)
আনহাতে গোলাপ বৰবৰাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে প্ৰকাশ কৰা ‘ৰাজৰ্ষি‘ নামৰ স্মৃতিগ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে জি এন আৰ চি হাস্পতালৰ অধ্যক্ষ ডা০ নোমাল চন্দ্ৰ বৰাই।
ডা০ বৰাই স্মৃতিগ্ৰন্থখনৰ সম্পৰ্কত কয়- এই স্মৃতিগ্ৰন্থখনে ভাতৰত এশ বছৰৰ ইতিহাস দাঙি ধৰিব। তাৰোপৰি গ্ৰন্থখনৰ নামটোৰ ভাবাৰ্থ ব্যক্ত কৰে উন্মোচক ডা০ বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsapp-2025-08-31-19-33-13.jpeg)
একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ প্ৰকাশিত আৰু অপ্ৰকাশিত ৰচনাবোৰক সংকলন কৰি প্ৰকাশ কৰি উলিওৱা গোলাপ বৰবৰা ৰচনাৱলীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ উদয়ন মিশ্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsap-2025-08-31-19-33-32.jpeg)
উল্লেখযোগ্য যে, দুয়োখন গ্ৰন্থৰে সম্পাদনা উপদেষ্টাৰ দায়িত্ব পালন কৰিছে জ্যেষ্ঠ সাংবাদিক তথা বুদ্ধিজীৱী নিত্য বৰাই। তাৰোপৰি ‘ৰাজৰ্ষি‘ নামৰ স্মৃতিগ্ৰন্থখনি সম্পাদনা কৰিছে ময়ূৰ বৰাই। একেদৰে গোলাপ বৰবৰা ৰচনাৱলীখনৰ সম্পাদনাৰ দায়িত্ব পালন কৰিছে ড০ পৰমানন্দ মজুমদাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsap-2025-08-31-19-33-48.jpeg)
জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে আঁত ধৰা এই সমগ্ৰ অনুষ্ঠাটিত উপস্থিত থাকে অৰুণাচলৰ পৰা অহা দুগৰাকী বিশিষ্ট ব্যক্তি। তাৰোপৰি সাংসদ অজিত ভূঞা, নিত্য বৰা, লেখক ময়ূৰ বৰা, অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, অভিষেক ৰঞ্জন সিং, অপূৰ্ব বৰুৱা, অজয় দত্ত , গোলাপ বৰবৰাৰ পুত্ৰ অৰূপ বৰবৰাৰ লগতে পৰিয়ালবৰ্গ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/whatsapp-im-2025-08-31-19-33-59.jpeg)
একেদৰে গুৱাহাটীৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা গন্য মান্য লোকসকল অনুষ্ঠানত উপস্থিত থাকি অন্যন্য মাত্ৰা প্ৰদান কৰে। আনহাতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন, ভাৰতীয় জীৱন বীমা নিগম কৰ্মচাৰী ইউনিয়ন আদিৰ সদস্যসকলো উপস্থিত থাকে আজিৰ এই অনুষ্ঠানত।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us