বালিপৰাত দুৰ্গা পূজা উদযাপনৰ আয়োজন...

শোণিতপুৰৰ সদৌ বালিপৰা পূজা উদযাপন সমিতিৰ উদ্যোগত বুধবাৰে শাৰদীয় দূৰ্গা পূজাৰ লাইখুটা স্থাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
297

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ সদৌ বালিপৰা পূজা উদযাপন সমিতিৰ উদ্যোগত বুধবাৰে শাৰদীয় দূৰ্গা পূজাৰ লাইখুটা স্থাপন কৰা হয়। মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে লাইখুটা স্থাপন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ।

উল্লেখ্য যে ৬৫ সংখ্যক বাৰ্ষিক সদৌ বালিপৰা দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি আজি বিগত বৰ্ষসমূহৰ দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকলৰ লগতে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক ,সমাজ সেৱক প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলক জাতীয় স্বাভীমান ফুলাম গামোচাৰে বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

এই উপলক্ষে বিশিষ্ট সমাজকৰ্মী অজিত সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে ৬৫সংখ্যক বাৰ্ষিক পূজা উদযান সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ শইকীয়াই ৷  অনুষ্ঠানত  কেইবাগৰাকীও বক্তাই  বালিপৰাৰ এই দুৰ্গা পূজা উদযাপন সন্দৰ্ভত দিহা-পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে।

দুৰ্গা পূজা