শুভমন গীল আৰু সঞ্জু ছেমছনৰ স্থানক লৈ চিন্তিত অধিনায়ক

মেচৰ পূৰ্বেই চিন্তিত হৈ পৰিছে ভাৰতীয় জাতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ। ৯ ডিচেম্বৰ মঙলবাৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব ৫খনীয়া টি-২০ শৃংখলা। 

author-image
Asomiya Pratidin
New Update
435

ডিজিটেল ডেস্ক : মেচৰ পূৰ্বেই চিন্তিত হৈ পৰিছে ভাৰতীয় জাতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ। ৯ ডিচেম্বৰ মঙলবাৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব ৫খনীয়া টি-২০ শৃংখলা। 

শৃংখলাৰ প্ৰথমখন মেচৰ পূৰ্বে বেটিংক্ৰমক লৈ চিন্তাত পৰিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱ। সমস্যা হৈছে শুভমন গীল আৰু সঞ্জু ছেমছনক লৈ। 

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি অধিনায়কগৰাকীয়ে কয়- শুভমন গীল এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে। দললৈ উভতি আহিছে। গতিকে কাইলৈ হ’ব লগা মেচত গীলে অ’পেনিং কৰাতো একপ্ৰকাৰ নিশ্চিত। 

নিয়মীয়া অ’পেনাৰ অভিষেক শৰ্মাৰ সৈতে গীলে দলৰ ইনিংছ মুকলি কৰাতো প্ৰায় নিশ্চিত। তেনেস্থলত সঞ্জু ছেমছনে কোন নম্বৰ স্থান বেটিং কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নক লৈ বিমোৰত পৰিছে সূৰ্যকুমাৰ যাদৱ। যাদৱে কয় যে, সঞ্জু ছেমছন এগৰাকী পূৰ্ণাংগ বেটাৰ। তেওঁ যিকোনো স্থানতে খেলিব পৰা সামৰ্থ আছে। 

গীল আৰু অভিষেকে যদি দলৰ ইনিংছ মুকলি কৰে তেন্তে ছেমছনে ৪ নাইবা ৫ নম্বৰ স্থানত বেটিং কৰিব। আৰু যদি গীলে কাইলৈৰ মেচ খেলিব নোৱাৰে তেন্তে অভিষেকৰ সংগী হ’ব ছেমছন। 

ইফালে হাৰ্ডিক পাণ্ডিয়াৰ অন্তৰ্ভুক্তিয়েও বেটিংক্ৰমৰ সমীকৰণত কিছু আউল লগাইছে অধিনায়কগৰাকীক। এতিয়া কাক এৰিব কাক ধৰিব তেনে অৱস্থা হৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ।

টীম ইণ্ডিয়া