মন্ত্ৰীগোটৰ প্ৰতিবেদনত ৩ ভাগত বিভক্ত অসমৰ জনজাতিসকল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্রতিবেদন সন্দৰ্ভত কয় যে, বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিব পাৰিব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  জনজাতিকৰণক লৈ বিভিন্ন জনজাতি সংগঠনে ৰাজ্যজুৰি সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদক আওকাণ কৰি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত দাখিল কৰা হ'ল বহু চৰ্চিত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্রতিবেদন সন্দৰ্ভত কয় যে, বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰিব পাৰিব।  ইয়াৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্রীগোটৰ প্রতিবেদনত কি কি আছে জানো আহক-

  • এই প্ৰতিবেদনখনত অসমৰ ST সকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে
  • ST (Hills), ST (Plains) আৰু ST(Valley)
  • টাই আহোম, চুতীয়াসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
  • চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
  • মৰাণ, মটকলৈ ST প্লেনৰ স্বীকৃতি প্রদানৰ প্রস্তাৱ
  • অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক ST(P)ৰ প্রস্তাৱ
  • অবিভক্ত গোৱালপাৰৰ বাহিৰৰ কোচ ৰাজবংশীক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ
  • বিধানসভাত STৰ বাবে সংৰক্ষিত আসনত নতুন ST সোমাব নোৱাৰিব
  • কোকৰাঝাৰ ST (P), ডিফু ST(H) লোকসভা আসন
  • ST(V)ৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ’ব লোকসভাত
  • ৬ জনগোষ্ঠীয় লোকৰ সংখ্যা অনুপাতে লোকসভা আসনৰ ব্যৱস্থা গ্রহণৰ প্রস্তাৱ
জনজাতি জনজাতিকৰণ