কোকৰাঝাৰত বিটিচি বিধায়িনী সভাৰ শীতকালীন অধিবেশন

বিটিচিৰ সদন আক্ৰমনৰ ঘটনা সন্দৰ্ভত অধ্যক্ষই এক গৰিহণামূলক প্ৰস্তাৱ আনে আৰু সদনত সেয়া গৃহীত হয়। ইউপিপিএলৰ নিৰ্বাচিত সদস্য দাওবৈছা বড়োই সদন আক্ৰমনৰ ঘটনাৰ সৈতে ইউপিপিএল দল কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে । 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  আজিৰে পৰা কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিধায়িনী ভৱনত বি টি চি বিধায়িনী সভাৰ দুদিনীয়া শীতকালীন অধিবেশন অনুষ্ঠিত হৈছে। অধ্যক্ষ ত্রিদিপ দৈমাৰীয়ে সদনৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণিৰ পাছতে প্রশ্নোত্তৰ কালৰ সূচনা কৰে। মুঠ ৭ টা প্ৰশ্নোত্তোৰ সম্পন্ন হয় সদনত।

 বিৰোধী দলৰ সদস্যসকলে বি টি আৰ চুক্তি, শিক্ষা, স্বাস্থ্য, ভূমি পট্টা প্রদানকে ধৰি কেইবাটাও বিষয়ক লৈ গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰে। ইউপিপিএলৰ দাওবৈছা বড়োই বিটিআৰ চুক্তি ৰূপায়ণ সন্দৰ্ভতো প্ৰশ্ন কৰে। ইয়াৰ পিছতেই বিটিচিৰ নৱ নিৰ্বাচিত ৬ পূর্বে প্রতিনিধিত্ব নকৰা পাঁচটা জনগোষ্ঠীৰ পাঁচগৰাকী মনোনীত সদস্যই আজি বিধায়িনী সভাত শপত গ্রহণ কৰে।

আজিৰ সদনতে উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় বিজিত গৌৰা নাৰ্জাৰী। বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে শীতকালীন অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত কয় যে,অসম চৰকাৰে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ ৰ অৱশিষ্ট দিন কেইটা চলোৱাৰ বাবদ পৰিপুৰক বাজেট হিচাপে ২৫০ কোটি টকাৰ অনুদান দিছে । বিটিচিৰ ফিক্সড পে' কৰ্মচাৰীসকলৰ ৩০ মাহৰ বকেয়া দৰমহা মোকোলাই দিয়া হ'ব আৰু সেয়া বিটিচিৰ নিজা ৰাজহ উৎসৰ পৰা দিয়া হ'ব ।

ইফালে বিটিচিৰ সদন আক্ৰমনৰ ঘটনা সন্দৰ্ভত অধ্যক্ষই এক গৰিহণামূলক প্ৰস্তাৱ আনে আৰু সদনত সেয়া গৃহীত হয়। ইউপিপিএলৰ নিৰ্বাচিত সদস্য দাওবৈছা বড়োই সদন আক্ৰমনৰ ঘটনাৰ সতে ইউপিপিএল দল কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে । 

উল্লেখযোগ্য যে, বি টি চিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে সদন পৰিচালনা নিয়ম ১৫১ৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে পৰিপূৰক দাবী মঞ্জুৰি দাখিল কৰে।

কোকৰাঝাৰ বিটিচি