/asomiyapratidin/media/media_files/2025/09/23/404-2025-09-23-17-09-19.jpg)
ডিজিটেল ডেস্ক : অসমখন- ব্ৰহ্মপুত্ৰখন জুবিন গাৰ্গৰ বৰ প্ৰিয় আছিল। ব্ৰহ্মপুত্ৰখনক নিজৰ পিতৃ বুলি কৈছিল তেওঁ।
জানিব পৰা মতে, এবাৰ হেনো ব্ৰহ্মপুত্ৰৰ বুকুৰে গৈ থাকোতে নাৱৰ পৰা জপিয়াব খুজিছিল আৰু কৈছিল এতিয়া মই দেউতাৰ বুকুত। সংগীসকলক কৈছিল- তোমালোকে চিন্তা নকৰিবা, দেউতাই মোক উটুৱাই নিনিয়ে। এয়াই আছিল ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা জুবিন গাৰ্গৰ বিশ্বাস।
তাৰোপৰি ব্ৰহ্মপুত্ৰক ভালপোৱাৰ বাবে মহানগৰীৰ যান্ত্ৰিকতা এৰি খাৰঘুলিত স্থায়ীভাৱে এটি ঘৰ নিৰ্মাণ কৰিছিল। যাতে ঘৰটোৰ পৰা বহি দিনে- ৰাতিয়ে অনবৰতে ব্ৰহ্মপুত্ৰখন বৈ থকা চাব পাৰে জুবিন গাৰ্গে।
অৱশ্যে এতিয়া ডাঙৰকৈ ঘৰ এটা নিৰ্মীয়মাণ অৱস্থাত আছে যদিও সেই ঘৰত থকাৰ সপোন পূৰণ নহ’ল তেওঁৰ। নিয়তিয়ে অকালে লৈ গ’ল প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক।
গছ- গছনি তেওঁৰ বৰ প্ৰিয়। প্ৰিয় জীৱ- জন্তুও। সেয়ে খাৰঘুলিত ষ্টুডিঅ’ থকাৰ সময়ছোৱাত বিভিন্ন প্ৰজাতিৰ গছ- গছনি ৰোপণ কৰিছিল জুবিন গাৰ্গে।
অসহায় জীৱ- জন্তুও আহি ওলাইছিল জুবিন গাৰ্গৰ ঘৰখনত। জীৱ-জন্তুবোৰে কেতিয়াবা নিশাও কটাইছিল জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰত। যেন ঘৰ নহয় এখন আশ্ৰম। এনদৰেই ব্ৰহ্মপুত্ৰ আৰু প্ৰকৃতিৰ লগত বাস কৰিছিল জুবিন গাৰ্গে।