মঙলবাৰে পুৱা গুৱাহাটী পাব দীপক শৰ্মাৰ নশ্বৰ দেহ...

অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ'ব দীপক শৰ্মাৰ নশ্বৰ দেহ । তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ....

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-03 at 2.47.42 PM

ডিজিটেল ডেস্কঃ  বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ মঙলবাৰে পুৱা চেন্নাইৰ পৰা প্ৰেৰণ কৰা হ'ব। পুৱা প্ৰায় ৫ বজাত চেন্নাইৰ পৰা গুৱাহাটীলৈ বিশেষ বিমানযোগে প্ৰেৰণ কৰা হ'ব নশ্বৰদেহ। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, গোপীনাথ বৰদলৈ বিমান বন্দৰৰপৰা পোনে পোনে মহানগৰীৰ অম্বিকাগিৰি নগৰস্থিত নিজ বাসভৱনলৈ অনা হ'ব।

বাসগৃহত শেষ কৰণীয়খিনিৰ পাছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা উদ্দেশ্যে অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ'ব দীপক শৰ্মাৰ নশ্বৰ দেহ। তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পাছতে দীপক শৰ্মাৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব।

উল্লেখ্য যে, আজি পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদক গৰাকী। 

দীপক শৰ্মা বাঁহীবাদক দীপক শৰ্মা