ৰাংছালী সোণাৰীত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ দেৱশিশুৰ মৃতদেহ

বৃহস্পতিবাৰে বিয়লি পিতৃ আলবিনুস মুণ্ডা দোকানলৈ বুলি ওলাই যোৱাৰ পাছতে মাতৃ সুনিতা মুণ্ডাই শিশুটোক বিচনাত শোৱাই বাহিৰলৈ যায়। ইয়াৰ পাছতে সন্ধানহীন হয় দেৱশিশুটো৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বিহালীঃ  আজি বিহালীৰ ৰাংছালী সোনাৰী গাঁৱত এক ১৬ দিনীয়া দেৱশিশুৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ ৰহস্যক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি পিতৃ আলবিনুস মুণ্ডা দোকানলৈ বুলি ওলাই যোৱাৰ পাছতে মাতৃ সুনিতা মুণ্ডাই শিশুটোক বিচনাত শোৱাই বাহিৰলৈ যায়। ইয়াৰ পাছতে সন্ধানহীন হয় দেৱশিশুটো৷ 

শিশুটিক বিচাৰি পৰিয়ালটোৱে বহু বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত বিহালী আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে যদিও শিশুটিৰ কোনো সন্ধান নাপায়। আজি  পিতৃ আলবিনুস মুণ্ডাই ঘৰৰ কাষৰে এটা পুখুৰীত নৱজাতকটিক পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

গাঁওপ্ৰধানে আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। উল্লেখযোগ্য যে ৰাংছালী সোনাৰী গাঁৱৰ ১০নং ৱাৰ্ডৰ  ৰূপম বৰাৰ চাহ বাগিচাত কৰ্মৰত আছিল পিতৃ আলবিনুস মুণ্ডা আৰু মাতৃ সুনিতা মুণ্ডা।
গাঁওপ্ৰধানে সদৰি কৰা অনুসৰি, ১৬ দিনীয়া দেৱশিশুৰ হত্যাকাণ্ডৰে পিতৃ-মাতৃ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

বিহালী