কোঠাত উদ্ধাৰ পতি-পত্নীৰ মৃতদেহ : লিপষ্টিকেৰে দেৱালত লিখি থৈ গ’ল টোকা

আশ্বৰ্যজনক, ৰহস্যজনক ! ঘৰৰ কোঠাত উদ্ধাৰ হৈছে এহাল পতি- পত্নীৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ভিন্ন জনৰ মনত সৃষ্টি হৈছে সন্দেহৰ । অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পাছতে উদ্ধাৰ হোৱা আন এক কাণ্ডই ঘটনাক অন্য প্ৰান্তলৈ ঠেলি দিছে।

author-image
Asomiya Pratidin
New Update
330

ডিজিটেল ডেস্ক : আশ্বৰ্যজনক, ৰহস্যজনক ! ঘৰৰ কোঠাত উদ্ধাৰ হৈছে এহাল পতি- পত্নীৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ভিন্ন জনৰ মনত সৃষ্টি হৈছে সন্দেহৰ । অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পাছতে উদ্ধাৰ হোৱা আন এক কাণ্ডই ঘটনাক অন্য প্ৰান্তলৈ ঠেলি দিছে।  

ঘটনাৰ স্থান ছত্তিশগড় ৰাজ্যৰ বিলাসপুৰ। বিলাসপুৰৰ অটল আৱাস কলীনত সংঘটিত হৈছে এই ঘটনা। পোহৰলৈ অহা খবৰ অনুসৰি সোমবাৰে অটল আৱাস কলনীত বাস কৰা এহাল পতি- পত্নীৰ কোঠৰ ভিতৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে। তাৰোপৰি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে যে, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা কোঠাটোৰ এখন দেৱালত লিপিষ্টিকেৰে লিখি এটি টোকাও প্ৰত্যক্ষ কৰে চুবুৰীয়াই।

এই ঘটনাক লৈ ইতিমধ্যে বহু জনে বিভিন্ন মতামত প্ৰদান কৰিছে। কোনোৱে কৈছে ই এক হত্যাকাণ্ড, আন কাৰোবাৰ মতে ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আনফালে একাংশ চুবুৰীয়াৰ ভাষ্য অনুসৰি পাৰিবাৰিক বিবাদৰ পৰণতিতে দম্পতীয়ে এনে পন্থা বাচি লৈছে। মুঠৰ ওপৰত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। 

উল্লেখযোগ্য যে, উদ্ধাৰ হোৱা স্বামী- স্ত্ৰীৰ নাম হৈছে ৰাজ টাম্বে আৰু পত্নী শিৱানী টাম্বে ওৰফে নেহা(৩০)। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অৱ্যাহত ৰাখিছে। একেদৰে লিপিষ্টিকেৰে দেৱালত লিখা টোকাৰো সবিশেষ তদন্তৰ ব্যৱস্থা কৰিছে।

দেৱালত লিখা সেই নিৰ্দিষ্ট টোকাত লিখা অনুসৰি পৰিয়ালটোৱে হয়তো বহুদিনৰ পৰা কিবা কথাত কষ্ট পাই আছিল, হতাশাত ভুগিছিল- এই বুলি ইতিমধ্যে আৰক্ষীয়ে ভাষ্যত উল্লেখ কৰিছে। তাৰোপৰি এই টোকাটিত ৰাজেশ বিশ্বাস নামৰ এজন ব্যক্তিৰ নাম আৰু মোবাইল নম্বৰো উল্লেখ আছে। 

টোকাটিৰ এটা শাৰীত লিখা আছিল- "ৰাজেশ বিশ্বাসৰ বাবেই আমি মৃত্যুমুখত পৰিছো।" আৱেগিক টোকাত পুত্ৰ- কন্যাক লৈও লিখিছে কেতবোৰ কথা। ‘হে মোৰ পুত্ৰ আৰু কন্যা মই তোমালোকক ভালপাওঁ।‘

ছত্তিশগড়