বিজেপি চৰকাৰে মঠ-মন্দিৰ, সত্ৰীয়া-সংস্কৃতিক এক নতুন ৰূপত গঢ়ি তুলিছে : বিধায়ক ৰূপক শৰ্মা

মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত দেওবাৰে নগাঁও জিলাৰ শেনছোৱা মোৱামাৰী কুঁহত ১৭৮৫ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতি তোৰণ উন্মোচনৰ এটি অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
135

ডিজিটেল সংবাদ, বেবেজীয়া : আহোম ৰাজত্বকালৰ শেষৰফালে আহোমৰ ৰাজশাসন কঁপাই তোলা মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত দেওবাৰে নগাঁও জিলাৰ শেনছোৱা মোৱামাৰী কুঁহত ১৭৮৫ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতি তোৰণ উন্মোচনৰ এটি অনুষ্ঠান অনুষ্ঠিত হয় । ইতিহাসত পোৱা যায় যে এই মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহী সকলক আহোমে হত্যা কৰাৰ পিছত সেই শৱ সমূহক নগাঁও জিলাৰ শেনছোৱা কুমাৰগাঁও আৰু এলেঙীসত্ৰৰ মাজৰ তিনিআলিৰ এটা জলাশয়ত সৎকাৰ কৰা হৈছিল ।

এই সৎকাৰস্থলী অৰ্থাৎ বৰ্তমানৰ শেনচোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত আজি মোৱামৰীয়া শ্বহীদসকলৰ স্মৃতিত এখন বৃহৎ তোৰণ শুভ-উন্মোচন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নগাঁও সদৰ সমষ্টিৰ বিধায়ক পূজি আৰু শেনছোৱা গাওঁ  পঞ্চায়তৰ  পঞ্চদশ  বিত্তীয় আয়োগৰ  অধীনত নিৰ্মিত  তোৰণখন উন্মোচন কৰি বিধায়ক  ৰূপক শৰ্মাই ভাষণত কয় যে আহোম ৰাজত্বকালৰ শেষৰফালে হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সেই মোৱামাৰীয়া শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই তোৰণখনেই নহয় শেনচোৱাৰ এই স্থানক ইতিহাসপ্ৰসিদ্ধ  হিচাপে আৰু  পৰ্যটনস্থলীৰূপে  গঢ়ি তোলা হ'ব ।

WhatsApp Image 2026-02-15 at 6.47.35 PM

লগতে বিধায়ক শৰ্মাই কয় যে  ইতিহাসে আমাক পৌৰাণিক সমলৰ লগতে ভৱিষ্যতৰ বাবেও দিক দৰ্শন কৰে । লগতে তেওঁ কয় যে জাতি-মাটি-ভেটিৰ বাবে যুঁজি অহা বিজেপি চৰকাৰখনে মঠ-মন্দিৰ, সত্ৰীয়া-সংস্কৃতি, গুৰুজনাৰ সৃষ্টি নামঘৰকে ধৰি উপাসনা গৃহসমূহক এক নতুন ৰূপত গঢ়ি তুলিছে । সেয়ে অবৈধ লোকক উচ্ছেদ কৰি গুৰুজনাৰ জন্মভূমিকো পৰ্যটনৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলা হৈছে ।

WhatsApp Image 2026-02-15 at 6.47.36 PM

তেওঁ ভাষণত লগতে মোৱামাৰী কুঁহ আৰু মায়ামৰা সমাজক এই কৰ্মৰাজিৰ বাবে শলাগ লয় । মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সভাপতি ৰেৱত দাস আৰু সংস্কৃতিবান যুৱক তথা শেনচোৱা গাওঁ পঞ্চায়তৰ সচিব লেনিন মহন্তই 
আঁত ধৰা অনুষ্ঠানটিত বিধায়ক শৰ্মাই উক্ত ঠাইখিনিক ৰাজ্যখনৰ ভিতৰতে এক পৰ্যটকৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

গায়ন-বায়ন, সত্ৰীয়া সংস্কৃতি, মাংগলিক অনুষ্ঠানেৰে মুখৰিত তোৰণ উন্মোচন অনুষ্ঠানটি শেনচোৱা গাওঁ পঞ্চায়তৰ সভাপতি ববিতা ৰাজখোৱা, বিশিষ্ট ক্ৰীড়া সংগঠক শচীন্দ্ৰ দেৱ মহন্ত, মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সম্পাদক শশীকান্ত দাস, শেনচোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতিপ্ৰসাদ দাস, শেনচোৱাৰ গাওঁ পঞ্চায়তৰ  উপসভাপতি  ভগীৰথ দাস, ৱাৰ্ড সদস্য মন্টু আহমেদ হাজৰিকা, শেনচোৱা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰা, সমাজকৰ্মী সত্যন্দ্ৰ শইকীয়া,সত্ৰাধিকাৰ অশোক মহন্ত, সমাজকৰ্মী  তৰুণ  মহন্তকে  ধৰি বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক মহিলা,  কামপুৰ ঘিলানী আৰু দেওধৰ অঞ্চলৰ মায়ামৰা সমাজৰ অগণন ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে জাতীয় সাজ-পাৰেৰে সুশোভিত অহা অগণন ভকত বৈষ্ণৱৰ উপস্থিতিয়ে এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰা দেখা যায় ।

বিজেপি চৰকাৰ