ধিঙত মিঞাই অসমীয়াক আক্ৰমণ কৰাৰ বিৰুদ্ধে ৰাজপথত নামিব বীৰ লাচিত সেনাঃ শৃংখল চলিহা

অসম অসমীয়াৰ হৈ থাকিব লাগিব ৷ বালাংদেশী নহয়, অসমীয়া সকলো ঠাইতে মুৰ তুলি থাকিব পৰা হ'ব লাগিব ৷ তাৰ বাবে বীৰ লাচিত সেনাই যি কৰিব লাগে তাকে কৰিব ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব বীৰ লাচিত সেনা অসম ৷ এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ৷ লখিমপুৰত অনুষ্ঠিত হোৱা বীৰ লাচিত সেনাৰ চিন্তন বৈঠকৰ অন্তত এই মন্তব্য কৰে শৃংখল চলিহাই ৷

তেওঁ লগতে কয় যে, ধিং কাণ্ডক লৈ প্ৰতিবাদত নামিব বীৰ লাচিত সেনা ৷ বাংলাদেশী মুক্ত অসম হ'ব লাগিব ৷ আজি ধিঙত অসমীয়া মানুহক কাটি উটুৱাই দিম বুলি ক'ব পৰা হ'ল ৷ দুদিন পাছত অন্য ঠাইতো কৰিব ৷অসম অসমীয়াৰ হৈ থাকিব লাগিব ৷ বালাংদেশী নহয়, অসমীয়া সকলো ঠাইতে মুৰ তুলি থাকিব পৰা হ'ব লাগিব ৷ তাৰ বাবে বীৰ লাচিত সেনাই যি কৰিব লাগে তাকে কৰিব ৷

ধিং কাণ্ডৰ দৰে অন্য ঠাইতো বাংলাদেশীৰ দপদপনি আমি হ'ব নিদিও বুলি সংবাদমেলত মন্তব্য কৰে শৃংখল চলিহাই ৷ শৃংখল চলিহাই লগতে ক'লে বীৰ লাচিত সেনাত থাকি বেয়া কামত লিপ্ত হোৱা ৫২ জন সদস্যক বহিস্কাৰ কৰা হৈছে ৷ অভিযুক্ত সদস্য সকলক লৈ আলোচনা হৈছে আৰু শেষত সৰ্বসন্মতিক্ৰমে তেওঁলোকক সংগঠনটোৰ পৰা বহিস্কাৰ কৰা হৈছে ৷

 ইয়াৰ উপৰিও বিকাশ অসমৰ বিৰুদ্ধে সংগঠনে কৰা তদন্তৰ প্ৰতিবেদনত দোষী সাব্যস্ত হোৱাত তেওঁক প্ৰাথমিক সদস্যৰ পৰাও বহিস্কাৰ কৰা হৈছে ৷ কিন্তু সংগঠনটোৰ নেতা ৰন্টু পানী ফুকনৰ মুক্তিৰ দাবী কৰে শৃংখল চলিহাই ৷ সমান্তৰাল ভাৱে খিলঞ্জীয়া মানুহৰ বাবে কাম নকৰি বাংলাদেশীক চুম্বন কৰা বিধায়ক আমাক নালাগে বুলিও মন্তব্য কৰে শৃংখলে ৷

এগৰাকী গৌৰৱী শিৱসাগৰীয়া হিচাপে তেনে কাৰ্য কৰাত বীৰ লাচিত সেনাৰ আপত্তি আছে ৷ বাংলাদেশীয়ে আমাৰ মাটি দখল কৰিব ৷ চৰকাৰে উচ্ছেদ কৰিলে তেনে লোককৰ কাষত থিয় দিয়া কাৰ্য আমি নামানো ৷  তেনে বিধায়কৰ পক্ষত বীৰ লাচিত সেনা নাই ৷ আমাৰ স্পষ্ট কথা খিলঞ্জীয়াৰ সুৰক্ষা লাগিবই ৷ আমি খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতিবৰ বাবে বিধায়ক পাতিছিলো ৷ এই তাৎপৰ্যপূৰ্ন মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ৷

শৃংখল চলিহা