জনজাতিকৰণৰ দাবীৰে শিৱসাগৰ কপালে আটাছুৱে

আজি সন্ধিয়া শিৱসাগৰত আটাছুৱে বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ৷ আহোম জনগোষ্ঠীৰ অসংখ্য লোকে নাৰ্য্য প্ৰাপ্তিৰ দাবীৰে ৰজপথত  বৃহৎ মিছিল বাহিৰ কৰি পৰিবেশ উত্তাল কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিৱসাগৰঃ   জনজাতিকৰণ প্ৰদানৰ নামত বিজেপিয়ে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আজি সন্ধিয়া শিৱসাগৰত আটাছুৱে বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ৷ আহোম জনগোষ্ঠীৰ অসংখ্য লোকে নাৰ্য্য প্ৰাপ্তিৰ দাবীৰে ৰজপথত  বৃহৎ মিছিল বাহিৰ কৰি পৰিবেশ উত্তাল কৰে ৷

৬ জনগোষ্ঠীৰ জনজাতিকৰনক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শিৱসাগৰত বাহিৰ কৰা জোঁৰ সমদলে পৰিবেশ উত্তাল কৰে ৷ আটাছুৱে জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসন ব্যৱস্থা প্ৰদানৰো দাবী উত্থাপন কৰে ৷

উল্লেখযোগ্য যে, ২৫ নৱেম্বৰত বাস্তৱসন্মত প্ৰতিবেদন দাখিল নকৰিলে প্ৰতিবাদকাৰী সকলে বিজেপিক ২৬ ৰ নিৰ্বাচনত প্ৰত্যুত্বৰ দিয়াৰো হুংকাৰ দিয়ে ৷

আটাছু