খিলঞ্জীয়া লোকসকলৰ অধিকাৰ বিষয়ক ৰাষ্ট্ৰসংঘৰ অসমীয়া অনুবাদিত ঘোষণা পত্ৰ মুকলি

খিলঞ্জীয়া ভাষাৰ স্বীকৃতি আৰু সাংস্কৃতিক গৌৰৱৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ দ্বাৰা খিলঞ্জীয়া লোকসকলৰ অধিকাৰ বিষয়ক ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ প্ৰথমটো অসমীয়া-অনুবাদিত সংস্কৰণ অলপতে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
jenebha

ডিজিটেল সংবাদ, গুৱাহাটী : খিলঞ্জীয়া ভাষাৰ স্বীকৃতি আৰু সাংস্কৃতিক গৌৰৱৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ দ্বাৰা খিলঞ্জীয়া লোকসকলৰ অধিকাৰ বিষয়ক ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ প্ৰথমটো অসমীয়া-অনুবাদিত সংস্কৰণ অলপতে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। 

উল্লেখযোগ্য যে, জেনেভাত অনুষ্ঠিত খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বিষয়ক বিশেষজ্ঞ ব্যৱস্থাৰ ১৮ সংখ্যক অধিৱেশনত ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ অসমীয়া অনুবাদিত সংস্কৰণটো মুকলি কৰা হয়। বিশ্বৰ প্ৰথমটো খিলঞ্জীয়া ভাষাৰ সংস্কৰণ হিচাপে চিহ্নিত কৰা ঘোষণাপত্ৰখনৰ এই অনুবাদৰ কাম-কাজ এটা বিশেষ দলে কেইবা মাহ ধৰি কৰিছিল।

এই কামৰ নেতৃত্ব দিছিল এছ পি এম আই এ এছ একাডেমীৰ সঞ্চালক চিন্ময় বৰদলৈয়ে। ইয়াক সাকাৰ ৰূপ দিয়াত বৰদলৈয়ে অগ্রণী ভূমিকা পালন কৰিছিল। 

প্ৰণিধানযোগ্য যে, এই প্রকল্পটো আৰম্ভণি কৰিছিল Touch of humanity-Let's Be Humanৰ প্ৰতিষ্ঠাপক হীৰক জ্যোতি বৰাই। লগতে ECOSOC মর্যাদা লাভ কৰা ছুইজাৰলেণ্ডৰ জেনেভাত গঠিত বিশ্ব বৰুৱা সংস্থাই এই প্ৰকল্পৰ প্ৰাৰম্ভিক কাম কাজ সম্পন্ন কৰিছিল।

এই সন্দৰ্ভত শিক্ষা মন্ত্রী ড° ৰণোজ পেগুৱে কয়- "এই গুৰুত্বপূৰ্ণ দস্তাবেজে সমগ্ৰ বিশ্বৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ অধিকাৰ, মৰ্যাদা আৰু পৰিচয়ক স্বীকৃতি প্ৰদান কৰিব। এই ঘোষণাপত্ৰই অসমীয়া ভাষাত উপলব্ধ খিলঞ্জীয়া লোকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ লগতে সামাজিক ন্যায় আৰু সমতাৰ প্ৰচাৰ কৰিব।

ডাঃ ৰণোজ পেগু