/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-19-21-30.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিধানসভাত সত্ৰ সংৰক্ষণ আৰু উন্নয়ন ২০২৫ শীৰ্ষক বিধেয়ক খন গৃহীত হোৱাৰ বাবে অসম সত্ৰ মহাসভাই আদৰণি জনাইছে। লগতে অসম চৰকাৰৰ এনে যুগান্তকাৰী আৰু ঐতিহাসিক পদক্ষেপে অসমৰ সত্ৰ সমূহক অধিক জীপাল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে ।
অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধান আৰু সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ লগতে গুৱাহাটী মহানগৰ জিলা সত্ৰ মহাসভাৰ সম্পাদক যুগান্ত বায়নে অসম চৰকাৰৰ এনে সাহসী সিদ্ধান্তই অতি সম্প্ৰতি ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ একাংশ সত্ৰৰ মাটি আৰু সম্পদ এচাম সন্দেহ যুক্ত নাগৰিকে অবৈধ ভাবে দখল কৰাৰ প্ৰৱণতা বন্ধ হব বুলি মত প্ৰকাশ কৰিছে।
লগতে সত্ৰ সমূহৰ সৰ্বাংগীন উন্নয়ন অধিক খৰতকীয়া আৰু শক্তিশালী হব বুলি আশা প্ৰকাশ কৰিছে। এই আপাহতে অসম সত্ৰ মহাসভাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক উত্তৰ বঙ্গত থকা শ্ৰীশ্ৰী মধুপুৰ সত্ৰৰ প্ৰমুখ্যে বাকী সকলো সত্ৰৰ উত্তৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us