বিধানসভাত গৃহীত হ'ল দ্য আসাম ফিক্সেছন অৱ চিলিং অৱ লেণ্ড হ’ল্ডিং বিধেয়ক

চাহ বাগিচাৰ ২.১৮লাখ বিঘা মাটিত পট্টা ৩,৩৩,০০০ ৰ অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্রমিকে ভূমি অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাৰ শ্রমিকসকলক অন্তর্ভুক্ত কৰা হোৱা নাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  আজি অসম বিধানসভাত গৃহীত হ'ল দ্য আসাম ফিক্সেছন অৱ চিলিং অৱ লেণ্ড হ’ল্ডিং বিধেয়ক। ভূমিৰ অধিকাৰ প্ৰদান সম্পর্কীয় এই বিধেয়কখনে চাহ শ্রমিকক ভূমিপট্টা প্ৰদান কৰিব। ভূমিৰ উর্ধসীমা নির্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্রমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।

ইয়াৰ ফলত চাহ বাগিচাৰ ২.১৮লাখ বিঘা মাটিত পট্টা ৩,৩৩,০০০ ৰ অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্রমিকে ভূমি অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাৰ শ্রমিকসকলক অন্তর্ভুক্ত কৰা হোৱা নাই। এই বিধেয়কৰ জৰিয়তে ১৪.৫৭লাখ চাহ শ্রমিক পৰিয়াল উপকৃত হ’ব।

এই সংশোধনী বিধেয়কে অন্য কৃষি কার্যত জড়িত চাহ বাগিচাৰ অন্তৰ্গত শ্রমিক শ্রেণীসমূহক অন্তর্ভুক্ত কৰা নাই। প্ৰাপ্ত তথ্য অনুসৰি, ভূমি পট্টাৰ বাবে বাগিচাই বাগিচাই কমিটী গঠন কৰা হব। পট্টা প্রদানৰ পাছত শ্রমিকৰ আৱাস নিৰ্মাণৰ বাবে সাহায্য লাভ কৰিব। ইয়াৰ বাবে শীঘ্ৰে ৰাজ্য চৰকাৰে গ্রহণ কৰিব বিশেষ আঁচনি

সম্প্রতি চাহ বাগিচাত কর্মৰত শ্রমিকসকলে স্পষ্ট আইনী অধিকাৰ নাইবা সাংবিধানিক সুৰক্ষা অবিহনে ভূমি দখল কৰি আছে। পট্টা পালেও ২০বছৰ পৰ্যন্ত শ্ৰমিকসকলে দখলীকৃত ভূমি হস্তান্তৰ কৰিব নোৱাৰিব। অৱশ্যে ঋণৰ বাবে শ্ৰমিক সকলে বেংকত বন্ধক থ'ব পাৰিব। ২০ বছৰ পাছত সংশ্লিষ্ট ভূমি বিক্রী কৰিব পাৰিব যদিও ক্রেতাসকল সেই নিৰ্দিষ্ট বাগিচাৰ বাসিন্দা হ’ব লাগিব।

উল্লেখ্য যে, এই নতুন ব্যৱস্থাই চাহ শ্রমিক সকলক স্থায়ীভাবে ভূমি বন্দোবস্তিত সহায় কৰিব। ইয়াৰ ফলত স্থায়ীভাবে গৃহ নির্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কত তেওঁলোকৰ অসুৰক্ষিত মনোভাব হ্রাস পাব। আজি বিধানসভাত এই সন্দৰ্ভত হোৱা আলোচনাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে স্পষ্ট কৰি দিয়ে।

চাহ শ্ৰমিক চাহ জনগোষ্ঠী