অসম ক্ৰিকেট সন্থাই নিলম্বন কৰিলে চাৰিগৰাকী খেলুৱৈক

অসমক প্ৰতিনিধিত্ব কৰা চাৰিজন খেলুৱৈৰ বিৰুদ্ধে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ত অংশগ্ৰহণ কৰা অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰা আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাই শেহতীয়াকৈ চাৰিগৰাকী খেলুৱৈক নিলম্বন কৰিছে। নিলম্বত খেলুৱৈ কেইগৰাকী হৈছে  — অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী। এই ৪ খেলুৱৈক তাৎক্ষণিক কাৰ্যকৰীভাৱে নিলম্বন কৰিছে সন্থাই। 

image (48)

উল্লেখ্য় যে, অসমক প্ৰতিনিধিত্ব কৰা চাৰিজন খেলুৱৈৰ বিৰুদ্ধে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ত অংশগ্ৰহণ কৰা অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰা আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা ইউনিটে তদন্ত চলায়। সমান্তৰালভাৱে অসম ক্ৰিকেট সন্থাইও আৰম্ভ কৰিছে অপৰাধমূলক গোচৰ। নিলম্বনৰ সময়ছোৱাত খেলুৱৈকেইজনক নিম্নোক্ত বিষয়সমূহৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছে। সেয়া হৈছে-

১. অসম ক্ৰিকেট সন্থা, জিলা ইউনিট বা সংযুক্ত ক্লাবৰ অধীনত অনুষ্ঠিত হোৱা যিকোনো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা।

২. মেচ ৰেফাৰী, প্ৰশিক্ষক, আম্পায়াৰ আদি হিচাপে অফিচিয়েটিংকে ধৰি ক্ৰিকেট সম্পৰ্কীয় যিকোনো কামত অংশগ্ৰহণ কৰা।

৩. তদন্তৰ চূড়ান্ত ফলাফল বা সংস্থাৰ পৰৱৰ্তী যিকোনো সিদ্ধান্তলৈকে নিলম্বন চলি থাকিব।

প্ৰণিধানযোগ্য যে, সকলো জিলা সন্থাকে এই নিৰ্দেশ কঠোৰভাৱে পালন কৰাটো প্ৰয়োজনীয় বুলি নিৰ্দেশনা দিয়ে।অসম ক্ৰিকেট সন্থাই উক্ত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চতো এজাহাৰ দাখিল কৰিছে।

অসম ক্ৰিকেট সন্থা