/asomiyapratidin/media/media_files/2025/09/12/324-2025-09-12-21-54-08.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ চাপৰৰ শালকোচা সমবায় সমিতি লিমিটেডৰ ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা বৃহস্পতিবাৰে শালকোচা বজাৰত অনুষ্ঠিত হয়। সমবায়খনৰ সভাপতি আমজামুল আমিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
সভাখনত সমবায়খনৰ কাৰ্যপদ্ধতি, আৰ্থিক পৰ্যালোচনা আৰু আগন্তুক দিনৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। কৃষিক্ষেত্ৰত বিশেষ অবদানৰ ফলস্বৰূপে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে সমবায়খনৰ সভাপতি-সম্পাদকক আমন্ত্ৰণ জনোৱা হৈছিল।
উল্লেখযোগ্য যে স্থানীয় কৃষকসকলক সৱলীকৰণৰ ক্ষেত্ৰত শালকোচা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক কৃষি পদ্ধতিৰ প্ৰৱৰ্তনৰ জৰিয়তে বহু পৰিয়াল উপকৃত হোৱাৰ লগতে কৃষকসকলক ঋণ প্ৰদান কৰি লাভাম্বিত কৰি আহিছে সমবায়খন।
আগন্তুক সময়ত মহিলা সৱলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা সভাপতি গৰাকীয়ে উল্লেখ কৰে। অন্যহাতে, সভাত জনোৱা অনুসাৰে ২০২৪-২৫ বৰ্ষত সমবায়খন লাভজনক দিশত আছে আৰু ইতিমধ্যে সম্পত্তি কোটিৰ ঘৰত পাৰ কৰিছে।
কৃষকক প্ৰদান কৰা ঋণসমূহ আদায় হ'লে সমবায়খন অধিক মুনাফা লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত কৃষকৰ সুবিধাৰ্থে অধিক ঋণ প্ৰদান কৰাৰ আশা ব্যক্ত কৰে সমবায়খনৰ সভাপতিয়ে। ইতিমধ্যে সমবায় খনে প্ৰায় বিশ লাখতকৈ অধিক টকা কৃষকৰ মাজত ঋণ প্ৰদান কৰিছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
সভাখনত শালকোচা সমবায় সমিতি লিমিটেডৰ উপ-সভাপতি প্ৰতুল চন্দ্ৰ বৰ্মণ, সম্পাদক নিৰেশ চন্দ্ৰ বৰ্মণ, অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণাময় চৌধুৰী, অনুপম চক্ৰৱৰ্তী, ৰহিদ বৰ্মণ, মহাদেৱ গোস্বামী আদিকে ধৰি বহু গণ্য মন্য ব্যক্তি উপস্থিত থাকে।