/asomiyapratidin/media/media_files/2025/09/07/276-2025-09-07-16-25-25.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাংকি বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ ২০২৪ - ২৫ বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভা কাংকি ইংতি গাঁৱত থকা সমবায় সমিতিৰ স্থায়ী কাৰ্যালয় প্ৰাংগণত দেওবাৰে অনুষ্ঠিত কৰা হয় । সভাত সমবায় সমিতিৰ কাৰ্যকৰী সদস্য, বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ বেলগুৰি, দক্ষিণ দীঘলীপাৰ, গৰখীয়া পুখুৰী, মিৰিবালি ইংতি গাঁও, টেৰাং গাঁও, কাংকি ইংতি গাঁও, দুৰ্গাপুৰ, চামগুৰি আদি গাঁৱৰ কেইবা শতাধিক পুৰুষ মহিলা অংশীদাৰ সদস্য সকল উপস্থিত থাকে ।
সভাত সভাপতিত্ব কৰে কাংকি বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ সভাপতি ছামছিং টেৰণে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কমলা মেধিয়ে ।
সভাত চৰকাৰী পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে লাইনেল টেৰণে । সভাত সম্পাদক কমলা মেধিয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে আগন্তুক অক্টোবৰ মাহত সমবায় সমিতিৰ ফালৰপৰা এক কেজি মছুৰ দালি, এক কেজি চেনি আৰু এক কেজি নিমখ দিয়া হ'ব বুলি ঘোষণা কৰে ।
ইপিনে এই সভাতেই সমিতিৰ বছৰেকীয়া হিচাপ নিকাছো দাখিল কৰা হয় । আনহাতে আগন্তুক ২০২৫ -২৬ বৰ্ষৰ বাবে এখন সাম্ভাব্য বাজেট প্ৰস্তুত কৰি সমবায় সমিতিৰ বাবে আভ্যন্তৰীণ হিচাপ পৰীক্ষক হিচাপে পবিত্ৰ পাটৰ আৰু বীৰেন ইংতিক দায়িত্ব অৰ্পণ কৰা হয় ।
সভাত লাইনেল টেৰণ, কমলা মেধি, ছামছিং টেৰণ, টিকেন বৰা, ধনেন ব্ৰহ্ম, হুকুৰাম কাথাৰ, খৰ্গেশ্বৰ বসুমতাৰী আদি উপস্থিত থাকে ।