/asomiyapratidin/media/media_files/2025/09/16/356-2025-09-16-10-48-50.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ মূঢ়দল সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন টুপিয়াৰ স্থানীয় কাৰ্য্যলয় প্ৰাংগনত সোমবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ সমবায় সমিতিখনৰ সভাপতি নৰবাহাদুৰ নেৱাৰৰ সভাপতিত্বত সকলোবোৰ অংশীদাৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাখনিত সচিৱ তপন শৰ্ম্মাই ২০২৪-২৫ বৰ্ষত মূঢ়াদল সমবায় সমিতিখনে ব্যৱসায়ৰ জৰিয়তে ১১ লাখ ৫০ হেজাৰ টকা লাভ কৰিবলৈ সক্ষম হোৱাৰ খতিয়ান দাঙি ধৰে ৷
লগতে আগন্তুক দিনত কৃষক ৰাইজৰ সুবিধাৰ্থে এখন কৃষি বিপণীৰ সিদ্ধান্তও ঘোষণা কৰে সচিবগৰাকীয়ে ৷ বাৰ্ষিক সাধাৰণ সভাৰ অন্তত সন্ধিয়া অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সমাজকৰ্মী তুলসী কাৰ্কীৰ সঞ্চালনাত অনুষ্ঠিত হয় এখনি স্মৃতিচাৰণ সভা ও আৱক্ষমূৰ্ত্তি উন্মোচনী অনুষ্ঠান ৷ মূঢ়াদল সমবায় সমিতিখনৰ বিগত ২০০১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষ পৰ্য্যন্ত বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্ব্বাচিত হৈ সুদীৰ্ঘ ২২ টাকৈ বছৰ ধৰি সুখ্যাতিৰে কাৰ্য্যনিৰ্ব্বাহ কৰি যোৱা প্ৰাক্তন সভাপতি স্বৰ্গীয় বিৰেন্দ্ৰ নেৱাৰৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে পৰিয়ালবৰ্গৰ উদ্যোগত সমবায় সমিতিখনৰ কৰ্ম্মকৰ্তা ও ৰাইজৰ সহযোগত টুপিয়া কাৰ্য্যালয় চৌহদত নিৰ্ম্মান কৰি উলিওৱা আৱক্ষমূৰ্ত্তি ভাগ এগচি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাই শুভ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
মূঢ়াদল সমবায় সমিতিৰ সচিৱ তপন শৰ্ম্মাই আঁত ধৰা অনুষ্ঠানৰ মুখ্য অতিথিৰ ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে মূঢ়াদল সমবায় সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত বিৰেন্দ্ৰ নেৱাৰৰ স্মৃতিচাৰন কৰি কৰ্ম্মময় জীৱন সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰাৰ লগতে প্ৰাক্তন সভাপতি গৰাকীৰ সহযোগী খৃষ্টিয়ানবস্তি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ধনপতি কাফলে আৰু প্ৰবীণ দাসকে ধৰি গন্যমান্য ব্যক্তি সকলেও স্মৃতিচাৰন কৰে ৷