/asomiyapratidin/media/media_files/2026/01/10/607-2026-01-10-15-30-30.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : লিটিল এঞ্জেল ইংলিছ স্কুল আমৰাঙ্গা-বৰিহাটৰ শনিবাৰে বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে স্কুলখনৰ অধ্যক্ষ ড০ অৱণী কুমাৰ দাসে। বন্তি প্রজ্বলন কৰে স্কুলখনৰ সহযোগী সঞ্চালক ৰেহেনা বেগমে, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সঞ্চালক মঃ ৰেকৰ্ড আলীয়ে।
জ্ঞানপীঠ বঁটাপ্ৰাপক মামণি ৰয়ছম গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামিনী কান্ত দাসে। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ডা০ ধ্ৰুৰ্জতি দাসে। মঞ্চ মুকলি কৰে ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2026-01-1-2026-01-10-15-30-46.jpeg)
দুপৰীয়া সহযোগী শিক্ষক কস্তুৰি কলিতাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত স্কুলখনৰ সঞ্চালক মঃ ৰেকৰ্ড আলী, সহযোগী সঞ্চালক ৰেহেনা বেগম, ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, কামিনী কলিতা, হৰিণ শালৈ, ৰুবুল ৰাজ কুমাৰ, অশ্বিনী কলিতা, বাচেৰ আলী, ছাহিদুল আলী, যোৱাবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ মৃদুল আলীক সম্বৰ্ধনা জনোৱা হয়।
লগতে এই স্কুলৰ সহায়কাৰী হিচাপে কাম কৰি থকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ক্ৰমে জোৎস্না বিবি, জয়ন্তী দাস, জোৎস্না বেগম, মৰিয়ম বিবি, আব্বাছ আলী, শ্বৰীফ আলী, মাৰাকক সম্বৰ্ধনা জনোৱা হয়। পিচত সাংস্কৃতিক মঞ্চ মুকলি কৰে নীলমণি কাকতিয়ে। শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষয়িত্ৰী কস্তুৰী কলিতাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us