ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন

ঢেকীয়াজুলি সংকুলৰ অন্তৰ্গত ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ চলিত বৰ্ষৰ বঁটা বিতৰণী সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
108

ডিজিটেল সংবাদ, ঢেকীয়াজুলি : শিশু শিক্ষা সমিতি অসমৰ তেজপুৰ বিভাগৰ অধীনস্থ আৰু ঢেকীয়াজুলি সংকুলৰ অন্তৰ্গত ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ চলিত বৰ্ষৰ বঁটা বিতৰণী সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে বঁটা বিতৰণী সভাখন আৰম্ভ কৰা হয় ৷

আচাৰ্য-আচাৰ্যা আৰু ছাত্ৰ-ছাত্ৰীসকলে বন্দনা পৰিৱেশন কৰে ৷ নিকেতনখনৰ প্ৰধান আচাৰ্য নাৰায়ণ ফয়েলৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ  উদ্দেশ্য ব্যাখ্যা কৰে আচাৰ্যা বিনিতা দেৱী উপাধ্যায়ে ৷

সভাত নিকেতনৰ ছাত্ৰ নিৰজ ওজাই পাঠ্যপুথিৰ কবিতা আবৃত্তি কৰাৰ লগতে আচাৰ্যা বিনিতা দেৱী উপাধ্যায়ে “নাৰী” শীৰ্ষক স্ব-ৰচিত কবিতা পাঠ কৰে ৷ লোকনায়ক অমিয় কুমাৰ দাস মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিদুস্মিতা দেৱী আৰু ছাত্ৰ অয়নজ্যোতি বৈশ্যই গীত পৰিৱেশন কৰে ৷

সভাত শোণিতপুৰ জিলা পৰিষদৰ সদস্য শিৱচৰণ চাহু, পিৰাকাটা গাওঁ পঞ্চায়তৰ সভাপতি স্বপন কুমাৰ হাজাৰী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া হিমসাগৰ উপাধ্যায়, ধিৰাই মাজুলী লোকনায়ক অমিয় কুমাৰ দাস মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জীৱন গুৰাগায়ী, সহকাৰী শিক্ষক নয়নজিৎ বৰা, স্থানীয় গাওঁপ্ৰধান চন্দ্ৰশেখৰ ফয়েল, পঞ্চায়ত সদস্য অঞ্জন পৌড়েল আদিয়ে অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ সভাৰ কাৰ্যসূচী পৰিচালনাৰ ক্ষেত্ৰত আচাৰ্যা জুলু দেৱী, টিনা দেৱী, জুলি জেনা, বিনিতা দেৱী উপাধ্যায়, সৌৰভ চেড়াই, দেৱেন নিৰোলা, মাতৃভাৰতীৰ সভানেত্ৰী প্ৰেমদা কৰ্মকাৰ, মিতালী বৈশ্য, মঞ্জু ছাপাগাই আদিয়ে সহযোগ কৰে ৷

শংকৰদেৱ শিশু নিকেতন