/asomiyapratidin/media/media_files/2025/12/26/whatsapp-2025-12-26-12-37-48.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ভয়াৱহতা আৰু ইয়াৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক প্ৰতিবাদক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি এক কঠোৰ স্থিতি গ্ৰহণ কৰি প্ৰকল্প কৰ্তৃপক্ষক শেষবাৰৰ বাবে সকীয়নী প্ৰদান কৰিছে।
আজি এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে প্ৰকাশ কৰে যে, যোৱা ২৮ জুনত সহস্ৰাধিক লোকৰ উপস্থিতিত গেৰুকামুখত এক বৃহৎ গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। সেই সময়ত জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত প্ৰশাসন আৰু কৰ্তৃপক্ষই ১৫ দিনৰ ভিতৰত আলোচনাৰ দিন ধাৰ্য কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
কিন্তু পৰিষদৰ অভিযোগ অনুসৰি, কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে আলোচনাৰ প্ৰক্ৰিয়াটোত বিলম্ব ঘটাইছে। বিশেষকৈ পৰিষদৰ চতুৰ্থ সংখ্যক প্ৰবীণ গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ দিনাই আলোচনাৰ সময় ধাৰ্য কৰি পৰিৱেশটো নস্যাৎ কৰাৰ অপচেষ্টা চলোৱা বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে।
পৰিষদৰ নেতৃত্বই স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যদিহে আলোচনাৰ বাবে কোনো ফলপ্ৰসূ দিন ধাৰ্য কৰা নহয়, তেন্তে তেওঁলোকে পুনৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। প্ৰকল্পটোৰ সুৰক্ষা আৰু ৰাইজৰ শংকা দূৰ নকৰালৈকে আন্দোলনৰ পথ ত্যাগ নকৰাৰ হুংকাৰ দিছে পৰিষদে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us