শ্বহীদক স্মৰণেৰে ৩ ঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট এজেৱাইচিপিৰ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ (CAA) বাতিল কৰাৰ লগতে 'CAA' বিৰোধী গণ আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ দাবীত তিনিঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গুৱাহাটী:  শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ আহ্বান মৰ্মে বিভিন্ন জিলা সমিতিৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰলৈ কেবাটাও দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। 

প্ৰেছ বিজ্ঞপ্তিত যুৱ-ছাত্ৰ পৰিষদে উল্লেখ কৰে যে, বিদেশী মুক্ত তথা বিদেশী বিতাড়নৰ লক্ষ্যৰে গড় লৈ উঠা এক দীঘলীয়া ৰক্তাক্ত অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তি। বলিদান দিব লগা হ'ল ৮৬০ জনকৈ তেজাল যুৱক-যুৱতীয়ে। 

সেই অসম চুক্তিৰ মূল ভেটি আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি চৰম প্ৰত্যাহ্বান জনোৱা নাগৰিকত্ব সংশোধনী আইন ২০১৯ (CAA)ৰ বিৰুদ্ধে হোৱা গণ আন্দোলনত পাঁচগৰাকীকে তেজাল সুঠাম অসমীয়া ডেকাই আত্মবলিদান দিব লগা হ'ল। 

চৰকাৰে আজিকোপতি সেই জাতীয় বীৰসকলক চৰকাৰী মৰ্যাদা প্ৰদান নকৰি শ্বহীদ ঘোষণাও নকৰা বিষয়টো দুৰ্ভাগ্যজনক। 'CAA' বিৰোধী আন্দোলন বিদেশী বিতাড়নৰে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ্থে হোৱা বৃহত্তৰ অসমীয়া জাতিৰ স্বতস্ফুর্ত গণ আন্দোলন। 

এহাতে চৰকাৰে বিদেশীক বৰপীৰা পাৰি দিয়া আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰতি চৰম অনীহা প্রকাশ চৰকাৰখনৰ এনে দ্বৈত চৰিত্ৰ ৰাইজৰ মাজত ইতিমধ্যেই পৰিস্কাৰ হৈ প্ৰকাশ পাইছে। 

চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সঠিক উন্নীতকৰণ আৰু অসম চুক্তিৰ প্ৰকৃত ৰূপায়ণ কৰাৰ প্ৰতি, সেই সময়তে চৰকাৰে অসমীয়াৰ আৱেগক ভেঙুচালি কৰি ২০১৯ চনৰ ৯ ডিচেম্বৰত লোকসভাত আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত CAB বিলখন গৃহীত কৰি CAA আইনৰ ৰূপান্তৰ কৰি বিদেশীক স্বদেশী কৰাৰ ফলত অতীজৰ পৰা বিদেশীৰ বোজা কঢ়িয়াই লৈ ফুৰা অসম আৰু অসমীয়া জাতিৰ প্ৰতি তীব্র ভাবুকিৰ সৃষ্টি হ'ল।

ফলস্বৰূপে অসমীয়াৰ মনত নতুনকৈ ক্ষোভৰ সৃষ্টি হ'ল। আমি স্পষ্টভাৱে ক'ব বিচাৰো যে, অসম আন্দোলনৰ ৮৬০ গৰাকী মহান শ্বহীদৰ ত্যাগক অপমান কৰি CAA বলবৎ কৰিব খোজা কাৰ্য কেতিয়াও মানি লোৱা নহ'ব।

কেৱল শ্বহীদ দিৱস পালনৰ নামত ৰাজনৈতিক কুচকাৱাজ কৰাৰ পৰিবৰ্তে নাগৰিকত্ব সংশোধনী আইন ২০১৯(CAA) আৰু উক্ত 'কা' বিৰোধী গণ আন্দোলনত নিজৰ আত্মবলিদান দিয়া পাঁচগৰাকী শ্বহীদক চৰকাৰী মৰ্যাদা প্ৰদান কৰি শ্বহীদ ঘোষণা কৰক। প্ৰকৃতাৰ্থত তেতিয়াহে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সন্মান জনোৱা হ'ব বুলি ক্ষোভেৰে প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ