ACL অধিৱেশনত সভাপতিৰ দায়িত্ব গ্ৰহণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ শিখৰ শৰ্মাৰ

ACLৰ সন্মিলনসমূহ বিশ্বজুৰি অত্যন্ত সন্মানিত আৰু নিৰ্বাচিত। অধিৱেশন সভাপতি হিচাপে দায়িত্ব লাভ কৰাটো শৈক্ষিক নেতৃত্ব, গৱেষণামূলক দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰতীক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক তথা বিভাগীয় মুৰব্বী আৰু প্ৰযুক্তি অনুষদৰ ডীন প্ৰফেছৰ শিখৰ কুমাৰ শৰ্মাক সন্মানীয় ACL সন্মিলন IJCNLP–AACL ২০২৫ত অধিৱেশন সভাপতি (Session Chair) হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।

IJCNLP–AACL হৈছে প্ৰাকৃতিক ভাষা প্ৰসংস্কৰণ আৰু গণনামূলক ভাষাবিজ্ঞান ক্ষেত্ৰৰ বিশ্বখ্যাত শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন, যি বিশ্বৰ আটাইতকৈ সন্মানীয় পেচাগত সংস্থা Association for Computational Linguistics (ACL) ৰ আনুষ্ঠানিক পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়।

ACLৰ সন্মিলনসমূহ বিশ্বজুৰি অত্যন্ত সন্মানিত আৰু নিৰ্বাচিত। অধিৱেশন সভাপতি হিচাপে দায়িত্ব লাভ কৰাটো শৈক্ষিক নেতৃত্ব, গৱেষণামূলক দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰতীক।

প্ৰফেছৰ শিখৰ শৰ্মা উত্তৰ-পূব ভাৰতৰ পৰা ACL সন্মিলনৰ (IJCNLP) অধিৱেশনত সভাপতিত্ব কৰা প্ৰথমজন শিক্ষাবিদ বুলি ধৰা হৈছে। লগতে তেওঁ এই সন্মানীয় দায়িত্ব লাভ কৰা অতি সীমিত সংখ্যক ভাৰতীয় শিক্ষাবিদৰ মাজৰ এজন।

IJCNLP–AACL ২০২৫ ভাৰতীয় গৱেষণা সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলষ্টোন, কিয়নো ACL পৃষ্ঠপোষকতাত অনুষ্ঠিত যৌথ IJCNLP–AACL সন্মিলন প্ৰথমবাৰৰ বাবে ভাৰতত আয়োজন কৰা হৈছে। এই সন্মিলন ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ আইআইটি বোম্বেত অনুষ্ঠিত হৈছে আৰু ইয়াত প্ৰাকৃতিক ভাষা প্ৰযুক্তি আৰু গণনামূলক ভাষাবিজ্ঞান ক্ষেত্ৰৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গৱেষকসকল অংশগ্ৰহণ কৰিছে।

এই সন্মিলনে ভাষা প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা গৱেষণাত ভাৰতৰ বঢ়ি উঠা ভূমিকা আৰু বিশ্বমুখী পৰিচয় প্ৰতিফলিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত অসমীয় আৰু বড়ো ভাষাক কেন্দ্ৰ কৰি কৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তি গৱেষণাৰ স্বীকৃতি স্বৰূপে প্ৰফেছৰ শিখৰ শৰ্মাক অধিৱেশন সভাপতিত্বৰ দায়িত্ব প্ৰদান কৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়