ওদালগুৰিত এবছু-বড়ো সাহিত্য সভাৰ উদ্যোগত বিশাল জোঁৰ সমদল

প্ৰতিবাদস্থলীত উপস্থিত থাকি বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক নীলকান্ত গয়াৰীয়ে কয়, ৰাজ্য চৰকাৰে চলিত বিধানসভা অধিৱেশনত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰাটো আমি বিৰোধ কৰিছো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ    ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰনক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি সদনত গ্ৰহনৰ কৰাৰ লগে লগে ক্ষোভত ফাটি পৰিছে বৰ্তমানৰ জনজাতীয় দল সংগঠন তথা জনজাতীয় ৰাইজ। ওদালগুৰিতো গৰজি উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ লগতে জনজাতি সংগঠন সমূহ।  

বৰ্তমানৰ ১৪ টা জনজাতি জনগোষ্ঠীৰ সুৰক্ষাৰ দাবীত আজি সন্ধিয়া ওদালগুৰি চহৰত জোঁৰ লৈ  সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত উপস্থিত থাকি বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক নীলকান্ত গয়াৰীয়ে কয়, ৰাজ্য চৰকাৰে চলিত বিধানসভা অধিৱেশনত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰাটো আমি বিৰোধ কৰিছো।

সেইবাবে আজি গোটেই অসমত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। চৰকাৰখনক আমি জনাব বিচাৰিছো যে ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰিব বিচাৰে, তেন্তে বৰ্তমানৰ ১৪ টা জনজাতিৰ ক্ষতি হব নোৱাৰে। আমি কাৰো অধিকাৰ খৰ্ব কৰিব বিচৰা নাই কিন্তু আমিও আমাৰ অধিকাৰ খৰ্ব কৰাটো নিবিচাৰো।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে কয়, জাতি আজি সংকতৰ সময়লৈ আহিছে। এই সংকটৰ সময়ত আমি সকলোৱে লগ হৈ জাতিৰ সংকটকালত একলগ হৈ প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছো। চৰকাৰক সকীয়াই দিছো যে জনজাতিকৰণক লৈ কোনো ধৰণৰ ৰাজনীতি নচলিব।

জনজাতিসকলৰ অধিকাৰ বিপন্ন কৰি কাকো অধিকাৰ দিয়াটো আমি নিবিচাৰো। নিজৰ অধিকাৰৰ বাবে কোনোৱাই মাত মাতিছে তাত আমাৰ কবলগীয়া নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি কাৰোৱাক বিভিন্ন নামেৰে জনজাতিকৰণ কৰাটো মানি নলও। নতুনকৈ দুই কোটি লোক জনজাতি হ'লে ৫০ শতাংশ সংৰক্ষণৰ ওপৰত প্ৰভাৱ পৰিব।

 ইয়াৰ ফলত আগন্তুক দিনত চাকৰি, নামভৰ্তিকে ধৰি নিগম নিকায়ত আমাৰ বৰ্তমানৰ জনজাতি লোকসকলৰ অস্তিত্ব নোহোৱা হৈ যাব। গতিকে চৰকাৰক দাবী জনাইছো যে বিষয়টো পুনৰীক্ষণ আৰু পুনৰ বিৱেচনা কৰক। আমি কাৰো সৈতে সংঘাত বিচৰা নাই। কাৰো প্ৰতি আমাৰ হিংসা নাই, তেওঁলোকেও অধিকাৰ লাভ কৰক। কিন্তু বৰ্তমানৰ জনজাতিসকলকৰ ভৱিষ্যৎ বিপন্ন নকৰি ন্যায় প্ৰদান কৰিবলৈ আমি কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰকে দাবী জনাইছো।

ওদালগুৰি