/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-21-20-29.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ অসমৰ আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণ (অনুসূচীতকৰণ)প্ৰদান কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) সভাপতি ৰেজান হৰোৰ নেতৃত্বত এক সজাতি দলে দিল্লীত কেন্দ্ৰীয় জনজাতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী দূৰ্গাদাস উইকিক আৰু ৰাষ্ট্ৰীয় জনজাতি আযোগৰ অধ্যক্ষ অন্তৰ সিং আৰায়ক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰে জনজাতিকৰণ সমস্যাটো সামাধান কৰাৰ বিষয়ে দাবী উত্থাপন কৰে ৷
ৰাজধানী চহৰত যোৱা কেইবাদিন ধৰি বাহৰ পাতি থকা সজাতি দলটোৱে আদিবাসী সকলক জনজাতি কৰণৰ বিষয়টো বিভিন্ন বিভাগত তথ্য সংগ্ৰহ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ বিজেপি নেতৃতাধীন ৰাজ্য চৰকাৰখনে আদিবাসী সকলৰ জনজাতিকৰণৰ (অনুসুচীকৰণ)বাবে ২৮ নৱেম্বৰত শীতকালীন বিধানসভা অধিবেশনত ইতিমধ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰি কেন্দ্ৰীয় চৰকাৰলৈ পেৰণ কৰিছে ৷
সংগঠনটোৱে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন শুদ্ধ ৰূপত পঠিয়াছে বুলি আছাৰ সজাতি দলটো আশা ব্যক্ত কৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণৰ বিষয়টো পূৰ্বৰ দৰে জানি শুনি বিলম্ব নকৰি ৰাজনীতিকৰণ নকৰি ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ আশা ব্যক্ত কৰিছে ৷
কেন্দ্ৰীয় জনজাতি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন পোৱা লগে লগে জনজাতিকৰণ বিষয়টো আগবঢ়াই নিয়াৰ আশ্বাস প্ৰদান কৰে সজাতি দলটোক ৷ কাইলৈ সজাতি দলটোয়ে কেন্দ্ৰীয় জনজাতি বিভাগৰ মন্ত্ৰী জোৱেল ওৰামক লগ ধৰিব বুলি আছাৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে জানিবলৈ দিয়ে ৷
২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগত অসমৰ আদিবাসী সকলক জনজাতি ময্যদা প্ৰদান নকৰিলে আদিবাসী সমাজৰ বিভিন্ন জাতি জনজাতিৰ বিজেপি দলৰ পৰা সম্পূৰ্ণ আস্থা নাইকিয়া হব আৰু আদিবাসী ছাত্ৰ সন্থা (আছা) ৰাজনৈতিক আন্দোলন কৰি বিজেপিক অসমৰ পৰা উৎসাহ কৰাৰ ৰাজ্যজুৰি আদিবাসী গাওঁ বাগিচা অঞ্চলত সজাগ কৰি সংকল্প গ্ৰহণ কৰিব ৷
সজাতি দলটোত আছা সভাপতি ৰেজান হৰো মূখ্য উপদেষ্টা অনিল টপ্প ,সাধাৰণ সম্পাদক দেবেন উৰাং উপসভাপতিদ্বয় ডেভিদ তিৰ্কী ,অমৰজিৎ কেৰ্কেটা আৰু সাংবাদিক দীনেশ চৌহান উপস্থিত আছিল বুলি সাধাৰণ সম্পাদক গৰাকী এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us