নতুন শৰণীয়া স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন

ক্লাৱটোৰ তৰফৰ পৰা এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে এক বৰ্ণাঢ্য অনুষ্ঠান সুকলমে সম্পন্ন কৰা হয়। পুৱা ৮-৩০ বজাৰ লগে লগে এই অঞ্চলৰ বয়োজ্যেষ্ঠ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
111

ডিজিটেল ডেস্ক : নতুন শৰণীয়া স্প’ৰ্টছ ক্লাৱ, গান্ধীবস্তি নতুন শৰণীয়া অঞ্চলৰ এক অগ্ৰণী অনুষ্ঠান। যোৱা ৪টা দশকৰ পৰা এই অনুষ্ঠানটোৱে এই অঞ্চলৰ প্ৰতিটো সামাজিক সমস্যাৰ প্ৰতি মাতমাতি এক সুস্থ বাতাৱৰণ সৃষ্টি কৰি আহিছে ।

Advertisment

উক্ত ক্লাৱটোৰ তৰফৰ পৰা এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে এক বৰ্ণাঢ্য অনুষ্ঠান সুকলমে সম্পন্ন কৰা হয়। পুৱা ৮-৩০ বজাৰ লগে লগে এই অঞ্চলৰ বয়োজ্যেষ্ঠ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 

পতাকা উত্তোলনৰ ঠিক পাছতে গান্ধীবস্তি, নতুন শৰণীয়া অঞ্চলৰ ধৰ্মীয় প্ৰধানসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰশ্নোত্তৰ অনুষ্ঠান এটি সুকলমে সম্পন্ন কৰা হয়। 

ইয়াৰ পাছতে গান্ধীবস্তি নতুন শৰণীয়াৰ মূল পথেৰে এটি পদযাত্ৰা বাহিৰ কৰা হয়। এই পদযাত্ৰা অনুষ্ঠানত প্ৰতিখন ঘৰৰে দুই- তিনিজন ব্যক্তিৰ সমাগম হয়। অনুষ্ঠানটোত জাতীয় পতাকা প্ৰদৰ্শন কৰাৰ উপৰিও সকলো ৰাইজক সামাজিক দায়ৱদ্ধতাৰ দোহাই দি মাদকদ্ৰব্য, নিচাজাতীয়যুক্ত দ্ৰব্যৰ প্ৰচলন আৰু সেৱন বন্ধ কৰা, পৰিস্কাৰ- পৰিচ্ছন্নতা অক্ষুন্ন ৰখা, গছপুলি ৰোপণ কৰা আদি প্লে’কাৰ্ড প্ৰদৰ্শন কৰি সকলো ৰাইজক সামাজিকভাৱে সচেতন হ’বলৈ অনুৰোধ জনোৱা হয়।

স্বাধীনতা দিৱস