/asomiyapratidin/media/media_files/2025/09/05/260-2025-09-05-23-08-47.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষক দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ড০ প্ৰৱীণ গগৈয়ে।
তেওঁ ভাষণ প্ৰসংগত কয় যে গাড়ী, ঘৰ, সম্পত্তিৰে নিজৰ পৰিচয়ৰ পৰিৱৰ্তে জ্ঞান প্ৰদানেৰে নিজকে দেৱত্বৰ শাৰীলৈ নিব পাৰে। সেয়াহে এজন শিক্ষকৰ প্ৰকৃত পৰিচয় হ’ব। সাধাৰণতে পাঠ্যক্ৰমৰ একেখিনি কথাৰ সৈতে জড়িত হৈ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াবা অস্বত্বিত পৰে, তেতিয়া তেওঁলোকক আনন্দদায়ক শিক্ষা প্ৰদান কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়।
কথা প্ৰসংগত তেওঁৰ ছাত্ৰই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা গৌৰৱেৰে উল্লেখ কৰে। দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাভিত্তিক কৃতী শিক্ষকৰ স্বীকৃতি লাভ কৰা ৩১ গৰাকীকৈ শিক্ষকক সম্বৰ্দ্ধনা জনোৱা হয়।
বঁটাপ্ৰাপক শিক্ষকসকল অনিল পাংগিং, হেমন্ত ৰঞ্জন কাগয়ুং, প্রধান শিক্ষক ৫২৮ নং ৰূপহীমুখ বালিগাঁও প্রাথমিক বিদ্যালয় , ৰেখামণি লাহন, প্রধান শিক্ষয়িত্রী লাকুৱা চাহ বাগিছা প্রাথমিক বিদ্যালয় , প্রতিভা দেৱী, প্রধান শিক্ষয়িত্রী ৭৮৯ নং বাকচু প্রাথমিক বিদ্যালয় , অনিপ চুতীয়া, প্রধান শিক্ষক পি.এম.শ্রী ১ নং টাউন প্রাথমিক বিদ্যালয় , ৰঞ্জুমা গগৈ কোঁৱৰ, প্ৰধান শিক্ষয়িত্রী ৯৮৪ নং ৰাইচাই প্রাথমিক বিদ্যালয়, দীপজ্যোতি বৰগোঁহাই, সহকাৰী শিক্ষক খটখটি মধ্য ইংৰাজী বিদ্যালয়, মঃ বাবুল আলী, প্রধান শিক্ষক দেওপানী গ্রাণ্ট খনামুখ বনুৱা মধ্য ইংৰাজী বিদ্যালয় আৰু ৬৮৬ নং ব্যাসদেব প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন টায়েক সম্বৰ্ধনা জনায়।
আনহাতে জিলাখনৰ মঃ আব্দুল জাব্বাৰ, চামচুল বাৰিক, ৰূপজ্যোতি চেতিয়া, কৃপাল ভূঞা, শিৱ কলিতা এই পাঁচগৰাকীকৈ শিক্ষকক জীৱনজোৰা সংগঠকৰ বঁটাৰে সন্মানিত কৰা হয়। এই শিক্ষক দিৱসৰ অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ শিৱসাগৰ শাখাৰ মুখ্য প্ৰৱন্ধক বিনীত বৰুৱা, খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰেখামনি বড়া, শিৱসাগৰ মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক উৎপল বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে সৌৰভ শইকীয়াই।