/asomiyapratidin/media/media_files/2025/11/07/1-2025-11-07-20-49-05.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি অনুসৰি গহপুৰৰ ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰা হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।
কাইলৈ পুৱা ১০-৩০ বজাত উচ্চ শিক্ষাৰ নতুন প্ৰতিষ্ঠান খনৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰৰ পৰা কালি অনা ২৭০ টা অমৃত কলহৰ মাটিৰে ভূমি পূজন কৰি অত্যাধুনিক পাঠ্যক্ৰম সম্বলিত বিশ্ববিদ্যালয় খনৰ আধাৰশিলা স্থাপনৰ শুভ কাম সম্পন্ন কৰিব।
আধাৰশিলা স্থাপনৰ পিছত ভোলাগুৰি চাহ বাগিচাত এখন জনসভাক সম্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে বিশ্ববিদ্যালয় স্থাপনৰ স্হানত বিশাল জনসভাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখ্য যে অসম চাহ নিগমৰ অধীনৰ তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত ভোলাগুৰি চাহ বাগিচাৰ ৭৩৮ বিঘা ভূমিত ৫৯৯ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।
বিশ্ববিদ্যালয় খনত পৰম্পৰাগত পাঠ্যক্ৰমৰ লগতে সংযুক্ত কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নি, ব্লক চেইন আদিৰ দৰে অত্যাধুনিক বিষয়ৰ পাঠ্যক্ৰম। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন লেখত লবলগীয়া বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।
ৰাজ্যিক বিশ্ববিদ্যালয় খনে উত্তৰ অসমত অত্যাধুনিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক নৱ জাগৰণৰ সৃষ্টি কৰিব বুলি শৈক্ষক মহলে আশা প্ৰকাশ কৰিছে। গহপুৰৰ বিধায়ক উৎপল বৰাই কাইলৈৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে।উল্লেখযোগ্য যে-কাইলৈ এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।ইয়াৰ বাবে প্ৰায় ৩০ হাজাৰ লোক বহিব পৰাকৈ এক সুবিশাল পেণ্ডেল সজাই পৰাই তোলা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us