/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, ভাষা-সাহিত্য- সংস্কৃতিৰ অন্যতম পথ প্ৰদৰ্শক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ তম্ জন্মোৎসৱ গুৱাহাটী মহানগৰীৰ শান্তিপুৰ হিলচাইড (পূব) নামঘৰ প্ৰাংগনত "শ্ৰীমন্ত শংকৰ কলা বিকাশ সমিতি"ৰ উদ্যোগত ১২, ১৩ আৰু ১৪ অক্টোবৰত তিনিদিনীয়াকৈ উদযাপনৰ প্ৰস্তুতি চলাইছে। ইতিমধ্যে জন্মোৎসৱ উদযাপনৰ বাবে ৰমেশ মহন্তক সভাপতি, হৰি চন্দ্ৰ মজুমদাৰক উপ-সভাপতি, নৃপেন্দ্ৰ কলিতাক সম্পাদক, গীতাৰাণী কলিতাক সহ: সম্পাদক, গিৰীণ ডেকাক কোষাধ্যক্ষ, দীপক কুমাৰ বৰুৱা আৰু কৈলাস চন্দ্ৰ মেধিক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি কাৰ্যকৰী সমিতি গঠন কৰিছে।
কাৰ্যসূচী অনুসৰি ১২ অক্টোবৰৰ পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ৰমেশ মহন্তই। ৯:৩০ খেল - ধেমালি প্ৰতিযোগিতা, দিনৰ ২ বজাত চিত্ৰাংকণ, ৩ বজাত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব অৰ্চনা চৌধুৰীয়ে। ৫-৩০ বজাত ভাগৱত স্থাপন কৰিব শিল্পী - সাহিত্যিক পেঞ্চনাৰ গজেন্দ্ৰ নাথ পাঠকে। ইয়াৰ পিছত সমূহীয়া নাম-প্ৰসঙ্গ অনুষ্ঠিত হ'ব।
১৩ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা প্ৰভাত বন্দনা, উষা কীৰ্তন, নগৰ কীৰ্তনৰ পিছত দিনৰ ১১: ৩০ বজাত সমূহীয়া নাম প্ৰসংগ পৰিচালনা কৰিব তপন মহন্তই। দিনৰ ৩ বজাৰ পৰা কুইজ, ভেশচন, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ পিছত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত-নৃত্য পৰিৱেশন কৰা হ'ব। ১৪ অক্টোবৰৰ আবেলি ৩ বজাত বক্তৃতা প্ৰতিযোগিতা, ৪ বজাত ৰমেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া ধৰ্মালোচনী সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতা আৰু বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই ক্ৰমে মুখ্য অতিথি, নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব। সন্ধিয়া ৭:৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব প্ৰথিতযশা ভায়োলিন বাদক ড০ সত্যেন কুমাৰ চৌধুৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us