শিৱিৰ জ্বলনেৰে ৫ দিনীয়া চানডুবি উৎসৱৰ সামৰণি

বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগত পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত চানডুবি উৎসৱৰ আজি সন্ধিয়া নাচ গানৰ মাজেৰে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ  আজি সন্ধিয়া সামৰণি পৰিল পাঁচদিনীয়া চানডুবি উৎসৱৰ। এই সামৰণি অনুষ্ঠানত প্ৰথমে লাঙা বুঢ়ালৈ প্ৰণিপাত জনায় সমিতিয়ে। পৰৱৰ্তী সময়ত ৰাইজে মিলি ৰাভা,বড়ো আদি নাচ,গান গাই চানডুবি বিলৰ নগৰ বাকৰি ৰজনজনাই তোলে।

WhatsApp Image 2026-01-05 at 8.19.10 PM

পলাশবাৰী সমষ্টি তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ এক জৈৱ-বৈচিত্র্যৰ ভাণ্ডাৰ চানডুবি বিলৰ নগৰ বাকৰিত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগত পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত চানডুবি উৎসৱৰ আজি সন্ধিয়া নাচ গানৰ মাজেৰে সামৰণি পৰে।

ইয়াৰ আগেয়ে আজিৰ এই পাঁচদিনীয়া চানডুবি উৎসৱতো এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১১ বজাৰ পৰা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে সাংসদ বিজুলি কলিতা মেধিয়ে অংশগ্ৰহণ কৰে। চানডুবি বিলৰ জৈৱ-বৈচিত্র্যক তেওঁ অটুট ৰাখিবলৈ কয়।

WhatsApp Image 2026-01-05 at 8.19.09 PM (1)

এটি অঞ্চলত এখন বিলে কি প্ৰভাৱ পেলাব পাৰে তাৰ সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে। সমিতিয়ে বিজুলি কলিতা মেধিক আৰম্ভণিতে ৰাভা জাতীয় পাজাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সভাত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশগ্ৰহণ কৰি চানডুবিৰ বিলৰ বাবে ৰাইজৰো দায়িত্ব আৰু কৰ্তব্য আছে বুলি কয়।

চানডুবি পলাশবাৰীৰে নহয়,অসমৰ ভাৰতৰ তথা বিশ্বৰ গৌৰৱ বুলি উল্লেখ কৰে। আমি ৰাইজে চানডুবি বিলৰ পাৰিপাৰ্শ্বিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বিলখনিক সংৰক্ষণ কৰিবই লাগিব বুলি উল্লেখ কৰে। লগতে এই সভাত আন কেইবাজনো লোকে অংশগ্ৰহণ কৰি চানডুবি বিলৰ জৈৱ-বৈচিত্র্য ৰক্ষাৰ ক্ষেত্ৰত ভাষণ দিয়ে।আনহাত কালি বিয়লি গ্ৰীণ অষ্কাৰ বঁটা প্ৰাপক জীৱ বিজ্ঞানী ড.পূৰ্ণিমা দেৱী বৰ্মনে অংশগ্ৰহণ কৰে।

WhatsApp Image 2026-01-05 at 8.19.09 PM

তেওঁ হাড়গিলা আৰু বৰটোকলা চৰাইৰ বিষয়ত ভাষণ প্ৰদান কৰে। তেওঁ নতুন প্ৰজন্মই  হাড়গিলা আৰু বৰটোকলাৰ চৰাই চিনি পোৱা আৰু নোপোৱাৰ সন্দৰ্ভত কোৱাৰ লগতে সংৰক্ষণ আৰু প্ৰজ্বনন আদিৰ বিষয়েও কয়। শেষত তেওঁ সকলোকে দুহাতেৰে টাক টাক কৈ কবলৈ কৈ ভাষণৰ সামৰণি মাৰে।

 গুৰুত্বপূৰ্ণ যে,চানডুবি উৎসৱৰ এই সময়তে আজিও মিৰ্জা-চানডুবি পথত একাংশ উদণ্ড যানবাহন চালকে দৌৰাত্ম্য অব্যাহত ৰাখি পথচাৰীক সমস্যাত পেলায়।লগতে একাংশ দৰ্শনাৰ্থীয়ে চিপচৰ থোৱা,কলৰ বাকলি,কমলাৰ বাকলি,পানীৰ বটল,প্লাষ্টিকৰ থোৱা,সুৰাৰ বটল আদি বাটে পথে পেলাই পৰিৱেশ বিঘ্নিত কৰে। লগতে দুই এঠাইত সৰু সুৰা অঘটনো সংঘটিত হয়।

WhatsApp Image 2026-01-05 at 8.19.10 PM (1)

 ইপিনে আজি পুৱতি নিশা যি ভূমিকম্প আহিছিল তাকলৈ আজি চানডুবি বিললৈ অহা একাংশ দৰ্শনাৰ্থী শংকিত হৈ পৰে। আৰু এই বিষয়ত এক চৰ্চা হয়। কিয়নো ১৮৯৭ চনৰ ১২ জুনত ৮.৭ ৰিখটাৰ স্কেলত অহা প্ৰৱল ভূমিকম্পৰ জোকাৰণিত এই চানডুবি বিলখনি সৃষ্টি হৈছিল। গতিকে এই চানডুবি অঞ্চলটোত পুনৰ ভূমিকম্প আহিব নেকি ভাবিও একাংশ দৰ্শনাৰ্থী তথা বনভোজকাৰী চিন্তিত তথা শংকিত হৈ পৰিছিল।

চানডুবি