/asomiyapratidin/media/media_files/2025/12/01/ap-web-horn-2025-12-01-11-44-51.jpg)
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ২৬ সংখ্যক হর্ণবিল মহোৎসৱ আৰম্ভ হৈছে। সমান্তৰালকৈ আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস। প্রতিষ্ঠা দিৱসৰ সৈতে একেলগে ১০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হর্ণবিল মহোৎসৱ।
এই মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্রদর্শন কৰা হ'ব। প্রায় দুই দশক পূর্বে পর্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্ণবিল মহোৎসৱ বর্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে।
এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকর্ষণ কৰি আহিছে। আনহাতে কোহিমাত আজি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ উপস্থিতিত প্রতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই প্রতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰোপৰি ৰাজ্যপালগৰাকীয়ে নাগালেণ্ডবাসীক শান্তি, উন্নয়ন তথা একতাৰ ক্ষেত্ৰত প্রতিশ্রুতিবদ্ধ হৈ সকলোকে ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ণয় কৰাত অংশীদাৰ হ'বলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us