আজিৰে পৰা আৰম্ভ ফাগুন মড়াই মেলা

পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা আৰম্ভ হৈছে ফাগুন মড়াই মেলা। ছত্তীশগড়ৰ বস্তৰৰ পূজনীয় দেৱী দন্তেশ্বৰী দেৱীৰ বিশেষ প্ৰাৰ্থনা অনুষ্ঠানৰ অন্তত চলিত বৰ্ষৰ মড়াই মেলা আৰম্ভ হয় ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-22 at 5.55.06 PM

ডিজিটেল ডেস্কঃ পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা আৰম্ভ হৈছে ফাগুন মড়াই মেলা। ছত্তীশগড়ৰ বস্তৰৰ পূজনীয় দেৱী দন্তেশ্বৰী দেৱীৰ বিশেষ প্ৰাৰ্থনা অনুষ্ঠানৰ অন্তত চলিত বৰ্ষৰ মড়াই মেলা আৰম্ভ হয় । ২২ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ চলিব এই মেলা। ১২ দিনীয়াকৈ অনুষ্ঠিত হোৱা  এই ধৰ্মীয় উৎসৱত অংশ ল’বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটিছে।

WhatsApp Image 2026-02-22 at 5.50.30 PM

লাখ লাখ লোকে এই মেলাত অংশগ্ৰহণ কৰাৰ লগতে  দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আগমণ ঘটে এই মেলাত। চলিত বৰ্ষতো মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মেলাৰ প্ৰথম দিনাই দেৱীক পূজা কৰি কলাছ স্থাপন কৰা হয় । 

উল্লেখ্য যে, এই ফাগুন মড়াইৰ সময়ত দন্তেৱাড়া চহৰখনৰ চৌদিশে দেখা যাব আধ্যাত্মিক পৰিৱেশ ৷ য’ত গ্ৰামাঞ্চলৰ পৰা অহা বৃহৎ সংখ্যক ভক্তৰ আগমণ ঘটে। ইপিনে মন্দিৰ সমিতিৰ উদ্যোক্তাসকলে ভক্তসকলক অনুষ্ঠানটোত উপস্থিত থাকি সকলো কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে ।

WhatsApp Image 2026-02-22 at 5.51.02 PM

ছত্তীশগড়