/asomiyapratidin/media/media_files/2025/12/16/1-2025-12-16-22-02-31.jpg)
ডিজিটেল ডেস্কঃ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণাৰ বাবে প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে। সাহিত্য অকাডেমীৰ সচিব পল্লৱী প্ৰশান্ত হোলকাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অকাডেমীৰ কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠকৰ পাছত অহা ১৮ ডিচেম্বৰ, ২০২৫ বৃহস্পতিবাৰে দিনৰ ৩:০০ বজাত বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হ'ব।
এই উপলক্ষে নতুন দিল্লীৰ ফিৰোজেশাহ ৰোডস্থিত ৰবীন্দ্ৰ ভৱনৰ তৃতীয় মহলাত সাহিত্য অকাডেমী সন্মিলন হলত এক সংবাদমেলৰ আয়োজন কৰা হৈছে। এই সংবাদমেলতেই বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হ'ব।
উল্লেখযোগ্য যে, সাহিত্য অকাডেমীয়ে স্বীকৃতি দিয়া ২৪ টা ভাষাৰ উৎকৃষ্ট গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হ'ব। উক্ত অনুষ্ঠানত বঁটা ঘোষণাৰ পাছত বিজয়ী গ্ৰন্থসমূহৰ এক প্ৰদৰ্শনীও আয়োজন কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us