ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় দ্বাদশ পূব হিমালয় প্ৰকৃতি বিজ্ঞান মঞ্চৰ বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ আলোচনাসভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ২৭ নৱেম্বৰ ২০২৪ত দিনৰ ১২-০০ বজাৰ পৰা ৩-০০ বজালৈ অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত পূব-হিমালয় অঞ্চলৰ বাবে বহনক্ষমতা আৰু উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰে বিভিন্ন ক্ষেত্ৰৰ প্ৰখ্যাত তথা অভিজ্ঞ সমল ব্যক্তিসকলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ড০ ননী গোপাল মহন্তই বিশ্ববিদ্যালয় চৌহদৰ চহকী জৈৱ বৈচিত্ৰ্য, উদ্ভিদ আৰু প্ৰাণীজগত আৰু প্ৰকৃতি সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এক প্ৰেৰণাদায়ক আদৰণি ভাষণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
"তৃতীয় মেৰুৰ বাবে নেতৃত্ব: ব্যৱসায় আৰু শাসনলৈ সামাজিক আৰু পাৰিপাৰ্শ্বিক আভাস অনা"ৰ শীৰ্ষক আলোচনাচক্ৰৰ আঁত ধৰে ভাৰতৰ ব্ৰেণ্ড নিউ এছ’চিয়েটছৰ প্ৰতিষ্ঠাপক সঞ্চালক ইন্দ্ৰনিল গুপ্তাই। তেওঁ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কৌশলগত ব্ৰেণ্ডিং আৰু আঞ্চলিক উদ্ভাৱনৰ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে।
ডেমক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গোৰ এলিকিয়া হোপ ফাউণ্ডেচনৰ ৰাজকীয় মহামান্য ৰাণী দিয়াম্বি কাবাটুচুইলাই পৰম্পৰাগত জ্ঞান আৰু সমসাময়িক স্থিৰতা পদ্ধতিৰ মাজৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি দৰ্শকসকলক অনুপ্ৰাণিত কৰে। তেওঁ সম্প্ৰদায়বোৰক কেনেদৰে উন্নত কৰা, পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, আৰু সংস্কৃতিৰ মূলত থকা বিকাশক উৎসাহিত কৰি এক শক্তিশালী ভেটি কেনেকৈ গঢ়ি তুলিব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ মানুহৰ বৌদ্ধিক জ্ঞানক প্ৰকৃতিৰ সৈতে সংযোগ কৰাতো গুৰুত্ব দিয়ে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড আইন স্কুলৰ ছিনিয়ৰ ভিজিটিং ফেল’ ড০ লবচাং চাংগে শাসন আৰু গোলকীয় ওকালতিৰ সন্দৰ্ভত তেওঁৰ বিশাল অভিজ্ঞতাৰ ভিত্তিত স্থিতিস্থাপকতা আৰু নেতৃত্বৰ বিষয়ে ভাষণ প্ৰদান কৰে। তেওঁ ব্যাখ্যা কৰে যে কেনেকৈ উত্তৰ আৰু দক্ষিণ মেৰুৰ দৰে তৃতীয় মেৰুও খোৱা পানী যোগান ধৰা, কৃষিক সহায় কৰা আৰু লাখ লাখ লোকক বাহাল ৰখাৰ বাবে গুৰুত্বপূৰ্ণ, ব্ৰহ্মপুত্ৰৰ দৰে নদীয়ে পৰিৱেশ তন্ত্ৰ আৰু জীৱিকা বজাই ৰখাত ভূমিকা পালন কৰিছে। এছ ৰামাডৰাই টাটা কনছালটেন্সি চাৰ্ভিচেছৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালকে বহনক্ষম বৃদ্ধি লাভৰ ক্ষেত্ৰত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত আলোকপাত কৰে।
টাটা ষ্টীলৰ কৰ্পৰেট সেৱাৰ উপ-সভাপতি আৰু টাটা ষ্টীল ফাউণ্ডেশ্যনৰ সঞ্চালকে চানক্য চৌধুৰীয়ে সম্প্ৰদায় উন্নয়নত কৰ্পৰেট দায়বদ্ধতাৰ ভূমিকা সম্পৰ্কে অন্তৰ্দৃষ্টিসম্পন্ন মন্তব্য প্ৰদান কৰে। তেওঁ ব্যাখ্যা কৰে যে প্ৰকৃত বৃদ্ধি তেতিয়াহে হয়, যেতিয়া ই বহনক্ষম হয়। কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰা, পুনঃব্যৱহাৰ কৰা আদিত তেওঁ গুৰুত্ব দিয়ে।
ভাৰতৰ টেৰিৰ সঞ্চালক প্ৰধান ড° বিভা ধাৱনে বিশেষকৈ পূব হিমালয় অঞ্চলৰ বাবে গৱেষণা-চালিত পৰিৱেশ নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায়। তেওঁ কয়- বহনক্ষমতাক মূলতঃ ৰাখি সমাজৰ উন্নতিৰ বাবে কাম কৰি আমি নিজকে ইণ্টাৰনেটৰ জৰিয়তে ক্ৰমান্বয়ে সংযুক্ত হৈ পৰা দেখিবলৈ পাওঁ। তথাপিও পৰম্পৰাগত পুথিভঁৰালৰ পৰা আঁতৰি যোৱাৰ লগে লগে ব্যক্তিগত আৰু সামূহিক বৃদ্ধিৰ বাবে পঢ়াৰ অভ্যাসক লালন-পালন কৰাতো অপৰিহাৰ্য হৈয়েই আছে।
ভাৰতৰ হিলিং লাইভছৰ প্ৰতিষ্ঠাপক জনী বিশ্বনাথে দীৰ্ঘম্যাদী বহনক্ষমতা লাভৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব দিয়ে। ব্যক্তিগত পৰিৱৰ্তন প্ৰথম পদক্ষেপ, আৰু যুৱক-যুৱতীসকলক ভৱিষ্যত হিচাপে লৈ, বহনক্ষমতাক লালন-পালন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা এটা উন্নত কাইলৈ গঢ় দিয়াত অপৰিহাৰ্য হৈ পৰে।
অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নক সঁহাৰি দিয়াৰ লগতে সকলোৰে বহুমূলীয়া অৱদানক মূল্যায়ন কৰি এই কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়। পূব হিমালয়ৰ প্ৰকৃতিবিজ্ঞান কাৰ্যসূচীয়ে অঞ্চলটোত সহযোগিতা আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।