১১৪০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে দহিকটা বনাঞ্চলত আৰম্ভ হ'ল উচ্ছেদ প্ৰক্ৰিয়া

প্ৰশাসনে অবৈধভাৱে বাস কৰা ৭ শতাধিক পৰিয়ালক উচ্ছেদ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অঞ্চলটোত ৯ শতাধিক আৰক্ষী, CRPF ৰ জোৱান, বনৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোৱালপাৰাঃ  আজি পুৱা ৭বজাৰ পৰা গোৱালপাৰাৰ অন্তৰ্গত দহিকটা সংৰক্ষিত বনাঞ্চলত জিলা প্রশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰশাসনে অবৈধভাৱে বাস কৰা ৭ শতাধিক পৰিয়ালক উচ্ছেদ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অঞ্চলটোত ৯ শতাধিক আৰক্ষী, CRPF ৰ জোৱান, বনৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

উচ্ছেদ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজতে দহিকটাত উপস্থিত হয় AIUDFৰ সাধাৰণ সম্পাদক আব্দুল হাইৰ লগতে আন এজন লোক। উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধীতা কৰা বাবে আৰক্ষীয়ে লগে লগে গোৱালপাৰাৰ উচ্ছেদস্থলীৰ পৰা দুজনক আটক কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ৯ আৰু ১০ নৱেম্বৰ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ হব বুলি ঘোষণা কৰাৰ পিছত উচ্ছেদ অভিযানৰ পূৰ্বেই বেদখলকাৰী সকলে স্বইচ্ছাই সেই ঠাই ত্যাগ কৰিছিল ।

 লক্ষ্যণীয় যে, প্ৰশাসনে উচ্ছেদ অভিযানৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমিত বসবাস কৰা ৫৮০ টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰি ১১৪০ বিঘা ভূমি বেদখল মুক্ত কৰিব।

গোৱালপাৰা