/asomiyapratidin/media/media_files/2025/10/29/1-2025-10-29-17-05-35.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ সগৌৰৱে এটা শতিকা পূৰ্ণ কৰা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ অনুষ্ঠান অহা ২ আৰু ৩ ডিচেম্বৰত উলহ মালহেৰে আয়োজন কৰা হৈছে । এই উপলক্ষ্যে ভৱনটিৰ শতবৰ্ষ উদযাপন শীৰ্ষক গীতটি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ৷
আজি এক বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিছে ৷ আজি সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড°জ্যোতিৰেখা হাজৰিকাই আঁত ধৰা অনুষ্ঠানত গীতটি উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড°বসন্তকুমাৰ গোস্বামীয়ে কয়, "কোনো এটা ভৱনক লৈ শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা কাৰ্য হয়তো সমগ্ৰ বিশ্বতে বিৰল ৷ চন্দ্ৰকান্ত সন্দিকৈ ভৱনে ৰাধাকান্ত সন্দিকৈদেৱৰ বদান্যতা আৰু ভাষা-জননীৰ প্ৰতি দায়বদ্ধতাক চিৰস্মৰণীয় কৰি ৰাখিছে।"
চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ শীৰ্ষক গীতটিৰ কথা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ, গীতৰ সুৰ শিল্পী প্ৰসেনজিৎ লাহনৰ, সংগীত আৰু শব্দ সংমিশ্ৰণ অৰূপ দত্তৰ । প্ৰসেনজিৎ লাহন,ৰঞ্জনা ডেকা,ৰশ্মি বৰদলৈ,আশিস কাশ্যপ,ৰূপম দত্ত আৰু জয়স্তুতি ভূঞাই গীতটিত কন্ঠদান কৰিছে ।
গীত উন্মোচন অনুষ্ঠানটিত অসম সাহিত্য সভাৰ ধনভঁৰালী মণিৰাম লাহন,প্ৰধান সচিব অশোক কুমাৰ সেনাপতি,প্ৰাচ্যবিদ্যাৰ্ণৱ ড°মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ প্ৰাক্তন সঞ্চালক ড°ৰাতুল চন্দ্ৰ বৰা,যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজা চক্ৰৱৰ্তী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি, সংবাদকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us