বাক্সাত উপস্থিত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটিৰ ১০ জনীয়া দল

২০২২–২৩, ২০২৩–২৪, আৰু ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাবে বাক্সা জিলাৰ চৰকাৰী আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ বুজ লোৱাৰ বাবে এক স্থানভিত্তিক অধ্যয়নমূলক ভ্ৰমণ সম্পন্ন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বাক্সাঃ  আজি অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটিৰ দহজনীয়া দলে বাক্সা জিলাত উপস্থিত হৈ বিভিন্ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ২০২২–২৩, ২০২৩–২৪, আৰু ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাবে বাক্সা জিলাৰ চৰকাৰী আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ বুজ লোৱাৰ বাবে এক স্থানভিত্তিক অধ্যয়নমূলক ভ্ৰমণ সম্পন্ন কৰে।

বিধায়াক নুৰুল হুডাৰ নেতৃত্বত অহা এই কমিটিৰ আন সদস্যকেইগৰাকী হৈছে বিধায়ক উৎপল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কৰিম উদ্দিন বৰভূঞা, লৰেন্স ইছলাৰি, আব্দুৰ ৰছিদ মণ্ডল, হাফিজ বশিৰ আহমেদ, ভবেন্দ্ৰ নাথ ভৰালি লগতে দীৰ্গা বৰুৱা আৰু ফকৰুদ্দিন চৌধুৰীও উপস্থিত থাকে।

WhatsApp Image 2025-12-05 at 8.09.51 PM

শুকুৰবাৰে জিলাখনত উপস্থিত হোৱাৰ পিছতে কমিটিৰ সদস্য সকলে বৰমাত স্বাস্থ্য বিভাগৰ উদ্যোগত নিৰ্মাণাধীন ব্লক পাব্লিক হেল্থ ইউনিট পৰিদৰ্শনৰ কৰে। সমিতিয়ে আলাগজাৰৰ PMAY-Gৰ ঘৰসমূহ আৰু বাদুলিপাৰা এল.পি স্কুলৰ MGNREGAৰ চলি থকা কামো পৰিদৰ্শন কৰে।

পৰৱৰ্তী সময়ত বৰমা–নিকাছী পথ, PWD IBৰ অধীনস্থ মৰাপাগলাডিয়াৰ নতুন বান্ধ, আৰু বৰখাৰুৱা নং ২ মডেল আংৱানৱাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে।বাক্সা ব্লকত দলটোৱে অমৃত সৰোবৰ টেংকি, PMAY-Gৰ ঘৰ, MGNREGAৰ অধীনস্থ তামোল গছৰ বাগান, গলি নিয়ন্ত্ৰণৰ কাম পৰিদৰ্শন কৰে।

সমিতিয়ে নিৰ্মীয়মান বাক্সা জিলা আয়ুক্ত কাৰ্যালয় আৰু অডিট’ৰিয়ামৰ কামৰ অগ্ৰগতিৰ খবৰ লোৱাৰ লগতে বৰবাৰীৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰে। নিকাছী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পি এম শ্ৰী আনন্দপুৰ এলপি স্কুল ভ্ৰমণ কৰে আৰু বাটাবাৰী সংৰক্ষিত বনাঞ্চলো ভ্ৰমণ কৰে।

WhatsApp Image 2025-12-05 at 8.09.51 PM (1)

বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাৰো অনুষ্ঠিত হয়। সকলো প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰা, মানদণ্ডৰ মাপকাঠিসমূহ কঠোৰভাৱে মানি চলা, আৰু চৰকাৰী সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। সমিতিয়ে বিভিন্ন আঁচনি ৰূপায়ন আৰু প্ৰকল্প সমূহৰ বিতং স্থিতিৰ ওপৰত আলোচনা কৰে। পৰ্যালোচনা সভাত জিলা আয়ুক্ত গৌতম দাস, অতিৰিক্ত জিলা আয়ুক্ত মুস্তাফা চেলিম আহমেদ, বিভাগৰ মুৰব্বীসকল, আৰু বিভিন্ন কাৰ্যকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বাক্সা