নন্দিতাৰ পৰিয়ালক ন্যায় প্ৰদান কৰা আৰক্ষী বিষয়া-অধিবক্তালৈ কৃতজ্ঞতা...

হত্যাকাৰী ৰিন্টু শৰ্মাক আদালতে দোষী সাব্যস্ত কৰা আৰু যথোচিত শাস্তি প্ৰদানৰ আঁৰত দুগৰাকী সৎ , সাহসী আৰক্ষী বিষয়াৰ নিৰপেক্ষ, স্বচ্ছ আৰু বাস্তৱসন্মত তদন্ত জড়িত হৈ আছে।

author-image
Asomiya Pratidin
New Update
hdfhgjgfj

ডিজিটেল সংবাদ, ঢকুৱাখনা : ধেমাজিৰ ইতিহাস কলংকিত কৰা নন্দিতা শইকীয়াৰ পৈশাসিক হত্যাকাণ্ডৰ চূড়ান্ত ৰায়ৰ পথ হ'ল প্ৰশস্ত। ধেমাজি জিলা সত্ৰ ন্যায়াধীশ মহামান্য কল্যানজিৎ শইকীয়াৰ আদালতে বুধবাৰে ঘাটক ৰিন্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰাত পঞ্জীভূত গোচৰৰ অধীনত দোষী সাব্যস্ত কৰে নন্দিতা হত্যাকাৰী ৰিণ্টু শৰ্মাক। এই গোচৰৰ চূড়ান্ত ৰায়দান বৃহস্পতিবাৰে হ'ব।

Advertisment

ধেমাজি জিলাৰ  মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী আৰু নন্দিতাৰ সহপাঠী কাশ্মীনা দত্তৰ লগতে পিতৃ দেৱ দত্তক প্ৰাণনাশী আক্ৰমণ কৰা গোচৰৰ প্ৰধান আচামী হত্যাকাৰী ৰিন্টু শৰ্মাক আদালতে দোষী সাব্যস্ত কৰা আৰু যথোচিত শাস্তি প্ৰদানৰ আঁৰত দুগৰাকী সৎ , সাহসী আৰক্ষী বিষয়াৰ নিৰপেক্ষ, স্বচ্ছ আৰু বাস্তৱসন্মত তদন্ত জড়িত হৈ আছে। লগতে নিবিড় ভাবে জড়িত হৈ আছে ধেমাজি জিলাৰ জ্যেষ্ঠ অধিবক্তা (পি পি) অজয় ফগ্লাৰ অনবদ্য অৱদান।

প্ৰসংগ ক্ৰমে উল্লেখ্য যে, ধেমাজি সদৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ,পৰিদৰ্শক হিতেশ কুমাৰ শৰ্মা আৰু  আৰক্ষী উপ পৰিদৰ্শক নেকিবুদ্দিন আহমেদৰ নিখুঁত তদন্তৰ বাবেই নন্দিতা শইকীয়াৰ গোচৰে ৪ বছৰৰ ভিতৰত আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সমৰ্থ হ'ল। ন্যায় পাবলৈ সক্ষম হ'ল এগৰাকী হতভাগা ছাত্ৰীৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই। 

WhatsApp Image 2025-08-20 at 10.07.05 PM

গোচৰৰ  তদন্ত কালত মুঠ ৪২ গৰাকী প্ৰত্যক্ষদৰ্শী  সাক্ষী আৰু অন্যান্য ব্যক্তিৰ সাক্ষ্য গ্ৰহণ , ঘটনাৰ প্ৰামানিক তথ্য পাতি সংগ্ৰহ, ঘটনাস্থলী পৰীক্ষণ, ফৰেঞ্চিক পৰীক্ষাৰ প্ৰতিবেদন সংগ্ৰহ,হত্যাকাণ্ডৰে জড়িত সকলো সামগ্ৰী উদ্ধাৰ কৰি আদালতত দাখিল কৰাৰ লগতে এখন পৰিশুদ্ধ, তথ্য সমৃদ্ধ অভিযোগনামা প্ৰস্তুত কৰাৰ বাবেই এই নৃশংস ঘটনাত জড়িত ঘাটকক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হ'ল আদালত।

 নন্দিতাৰ পৰিয়াল, ঢকুৱাখনাৰ প্ৰতিগৰাকী ন্যায়কামী ব্যক্তি আৰু সংগঠনে এই দুই কৰ্মপটু , সুদক্ষ আৰক্ষী বিষয়াৰ নিখুঁত তদন্তৰ শলাগ লৈছে আৰু কৃতজ্ঞতা জনাইছে। অসম আৰক্ষীৰ জনমুখী আৰু জনদায়বদ্ধতাক সমুজ্জল কৰা ধেমাজিৰ আৰক্ষীৰ এই তদানীন্তন দুই আৰক্ষী বিষয়াৰ সমান্তৰাল ভাবে কৃতজ্ঞ হৈছে গোচৰিয়া পক্ষৰ জ্যেষ্ঠ অধিবক্তা অজয় ফগ্লাৰ।

WhatsApp Image 2025-08-20 at 10.07.04 PM

 সম্প্ৰতি ৰাজ্য চৰকাৰৰ ভিজিলেন্স আৰু  এন্টি কৰাপচন বিভাগৰ উপ আৰক্ষী অধীক্ষক হিচাবে কৰ্মৰত দক্ষ আৰক্ষী বিষয়া হিতেশ কুমাৰ শৰ্মাক এই গোচৰত সহযোগিতা আগবঢ়াইছিল উপ পৰিদৰ্শক নেকিবুদ্দিন আহমেদে । সম্প্ৰতি চৰাইদেও জিলাৰ অন্তৰ্গত  বৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাবে কৰ্মৰত উপ পৰিদৰ্শক আহমেদ আছিল প্ৰাৰম্ভিক স্তৰত তদন্তকাৰী বিষয়া।

WhatsApp Image 2025-08-20 at 10.07.03 PM

পৰৱৰ্তী সময়ত এই স্পৰ্শকাতৰ গোচৰৰ তদন্ত পৰিদৰ্শক, অচি শৰ্মাক দায়িত্ব অৰ্পণ কৰা হৈছিল। পৰিদৰ্শক শৰ্মাই অতি সতৰ্কতা আৰু সততাৰে এই গোচৰৰ এক নিখুঁত অভিযোগনামা আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল প্ৰামানিক তথ্য প্ৰমাণ সহ।

উল্লেখযোগ্য যে এই শিহৰণকাৰী গোচৰৰ উচিত ন্যায় প্ৰদানৰ অন্তৰালৰ অন্য এগৰাকী ব্যক্তি হ'ল ধেমাজি জিলা উকীল সন্থাৰ  জ্যেষ্ঠ অধিবক্তা , পি পি অজয় ফগ্লা । এইগৰাকী অভিজ্ঞ বিশিষ্ট চৰকাৰী অধিবক্তাই গোচৰ  প্ৰথম অৱস্থাৰ পৰাই অতি সূক্ষ্ম নিৰীক্ষণ আৰু অধ্যয়ন কৰি আগবাঢ়িছিল।

প্ৰয়োজনত একান্ত ব্যক্তিগত প্ৰচেষ্টাৰে হ'লেও আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ লক্ষ্য বান্ধি সতৰ্কতাৰে আগবঢ়া জনদৰদী জ্যেষ্ঠ অধিবক্তা ফুক্লাৰো অতুল্য অবদান আছে এই গোচৰৰ সফলতাত। মানৱতাৰ দৃষ্টি ভংগীৰে সমগ্ৰ দিশটো পৰ্য্যালোচনা কৰি দোষীক আইনগত শাস্তি বিহাত অনবদ্য অৱদান আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা ফগ্লাই সতৰ্কতাৰে আদালতত যুক্তি দৰ্শাই এই সৰ্বজন সমাদৃত ৰায় প্ৰদান কৰিবলৈ সক্ষম হ'ল বুলি সকলোৱে কৃতজ্ঞ চিত্তে সোঁৱৰিছে।

ধেমাজী